ডিজিটেল ডেস্কঃ আকৌ বাঢ়িব পাব বিদ্যুতৰ মাচুল৷ ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল৷ আগন্তুক দুমাহৰ বাবে এই মাচুল বৃদ্ধি কৰিব এপিডিচিএলে৷ ইতিমধ্যে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ এপিডিচিএলৰ প্ৰস্তাৱত সেউজ সংকেত দিছে চৰকাৰে৷ ইতিপূৰ্বে ইন্ধৰ মূল্য বৃদ্ধিৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনি বাৰকৈ মাচুল বৃদ্ধি কৰিছে এপিডিচিএলে৷ আনহাতে ফেব্ৰুৱাৰীৰ পৰা চতুৰ্থবাৰলৈ প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধি কৰাৰ বাবে সাজু হৈছে এপিডিচিএল৷