March 31, 2023, 9:50 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Reporter Name
  • Update Time : Wednesday, February 15, 2023
  • 19 Time View

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ বে-আইনী স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত ৰাখিছে৷ বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হৈছে অসম আৰক্ষী৷ বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ৰ দৰে কঠোৰ আইনৰ ধাৰা আৰোপ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছে অসম আৰক্ষী৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে বাল্য বিবাহ প্ৰতিৰোধী আইন-২০০৬, পক্‌ছ’ আইনৰ ধাৰা আৰু ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬(৩) আৰোপিত গোচৰৰ কেইবাজনো অভিযুক্তৰ মঙলবাৰে জামিন মঞ্জুৰ কৰে৷ ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬(৩)ত গোচৰ ৰুজু হোৱা নগাঁৱৰ চামচুল হক নামৰ অভিযুক্তজনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি মঙলবাৰে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বাল্য বিবাহৰ গোচৰত ধৰ্ষণৰ অভিযোগ নুঠাকৈ আই পি চি ৩৭৬(৩) ধাৰা আৰোপ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰে৷ অসম আৰক্ষীক ককৰ্থনা কৰি ন্যায়াধীশ শ্যামে বাল্য বিবাহৰ গোচৰত ধৰ্ষণৰ কোনোৱে অভিযোগ কৰিছে নেকি বুলিও চৰকাৰী পক্ষক প্ৰশ্ন কৰে৷ ধৰ্ষণৰ অভিযোগ নকৰিলে আই পি চি ৩৭৬(৩) ধাৰা কিয় আৰোপ কৰা হৈছে বুলিও প্ৰশ্ন কৰে ন্যায়ালয়ে৷

ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে একে ধৰণৰ বাল্য বিবাহৰ জামিন সম্পৰ্কীয় গোচৰত বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰাক লৈ আৰক্ষীক প্ৰশ্ন কৰে৷ চৰকাৰী পক্ষক ককৰ্থনা কৰি ন্যায়াধীশ শ্যামে কয়–‘অভিযুক্তই যদি বাল্য বিবাহৰ আইন উলংঘন কৰিছে, তেনেহ’লে আইনে নিজৰ পথ নিজেই ল’ব৷ বাল্য বিবাহ অতীজৰে পৰা হৈ আহিছে৷ আদালতে এতিয়া কেৱল বিবেচনা কৰিব অভিযুক্তক তাৎক্ষণিকভাৱে জিম্মাত লৈ প্ৰেৰণ কৰি জেৰাৰ প্ৰয়োজনীয়তা আছে নে নাই৷ এই মুহূৰ্তত আদালতে বিবেচনা কৰে যে বাল্য বিবাহৰ এনে গোচৰৰ অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই৷ আমি জবানবন্দী লিপিবদ্ধ কৰিবলৈহে নিৰ্দেশ দিম৷ কিয়নো এই গোচৰ এন ডি পি এছ, চোৰাং সৰবৰাহ বা সম্পত্তি চুৰিৰ গোচৰ নহয়৷ লক্ষণীয়ভাৱে চৰকাৰী পক্ষৰ অধিবক্তাই বাল্য বিবাহৰ গোচৰত পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও ন্যায়াধীশ শ্যামে ইচ্ছা কৰিলেই যিকোনো গোচৰতে পক্‌ছ’ আইনৰ ধাৰা আৰোপ কৰিলে নহ’ব বুলিও সকীয়াই দিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে