মৰঙিঃ মৰঙিৰ ২নং বালিজানত অনুষ্ঠিত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হয়। ৰাংচালী ফুটবল ক্লাবে শালমৰাটুপ ফুটবল ক্লাবক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। লোকনাথ বৰাৰ সোঁৱৰণত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেল সমাপ্তিৰ পিছতে বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ প্ৰথম পুৰষ্কাৰ আগবঢ়াই হৰেন বৰাই আৰু দ্বিতীয় পুৰষ্কাৰ আগবঢ়াই ৰবীন্দ্ৰ দত্তৰ সোঁৱৰণত শিক্ষক দ্বীপেন দত্তই। দুয়োটি দলক নগদ ধনৰ লগতে ট্ৰফী আৰু বিজয়ী দলৰ প্ৰত্যেককে একোটাকৈ পদক প্ৰদান কৰা হয়।