চাংসাৰিঃ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাৰো কেইবাখনো ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন গাঁও সাম্প্ৰতিক বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত জিলাখনৰ হাজো, কমলপুৰ, ৰঙিয়া, কঞা, উত্তৰ গুৱাহাটী, পলাশবাৰী, ছয়গাঁও, গৰৈমাৰী আদি ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন ঠাইৰ বানাক্ৰান্তই যথেষ্ট দুৰ্যোগ তথা আহুকালৰ সম্মুখীন হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য তথা উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। বানাক্ৰান্তসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বহু ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন, ব্যাক্তিগত সংন্থাই আগবাঢ়ি অহাটো এক আশাপ্ৰদ বিষয়। কিন্তু এই সংস্থা বা সংগঠনসমূহে যাতে সাহায্য প্ৰদান প্ৰক্ৰিয়াত জিলা প্ৰশাসন বা চক্ৰ বিষয়াক অৱগত কৰে তাৰ বাবে কামৰূপ জিলা প্ৰশাসনে সংশ্লিষ্ট সকলোলৈকে আহ্বান জনাইছে, যাতে প্ৰকৃত বানাক্ৰান্তই এই সাহায্য প্ৰাপ্তিৰ পৰা কোনো প্ৰকাৰে বঞ্চিত নহয়। জিলা প্ৰশাসন আৰু সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলে সংস্থা বা সংগঠনসমূহক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি কামৰূপ প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।