বানৰ পানীত ভাঁহি আহিল ৫ বছৰীয়া কন্যাৰ মৃতদেহ। বৰাকৰ কাছাৰৰ বৰখালাত কন্যাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে কাছাৰত বানপানীৰ ফলত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে। সোমবাৰে পুৱা বৰখালাৰ কাশীপুৰ এল পি স্কুলৰ সন্মুখত তাছমিন বেগম নামৰ ৫ বছৰীয়া কন্যাগৰাকী বানৰ পানীত উটি গৈ নিৰুদ্দেশ হৈছিল। আজি পুৱা স্থানীয় ৰাইজে শিশুটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আত্মীয়ৰ বাইকৰ পৰা পৰি জাতিংগা নৈৰ প্ৰবল সোঁতত ডুব গৈছিল মাহমুদ আলীৰ কন্যা তাছমিন। মুহূৰ্ততে পানীত ডুব যায় তাছমিন। দেওবাৰে অঞ্চলটোত ইলাছ আলী নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰজত চন্দা নামৰ এজন লোক বানত উটি গৈ বৰ্তমানেও সন্ধানহীন