কামপৰৰ পৰা ৰূপজ্যোতি ভূঞাঃ কপিলীৰ প্ৰলংকাৰী বানত পুনৰ উটি গৈ আজি আন এটি শিশুৰ মৃত্যু হয়। কামপুৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মিনাৰপাম দা পৰাৰ মিৰাজুল ইছলাম নামৰ লোকজনৰ তিনি বছৰীয়া পুত্ৰ আৰোৱান আহমেদ বাঢ়নী পানীত পৰি কৰুণ মৃত্যু সাৱটি লয়। পানীৰ মাজত পৰিয়ালটো আৱদ্ধ হৈ আছিল। ইতিমধ্যে শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।