বানৰ তাণ্ডৱৰ সুযোগ লৈ অৰুণাচলী সুৰাৰ সৰবৰাহ পুনৰ আৰম্ভ হৈছে ৰাজ্যত৷ সোমবাৰে মঙলদৈত এক ট্ৰাক অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষীয়ে। মঙলদৈৰ ১৫নং ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ ধাবাৰ ওচৰৰ পৰা এক ট্ৰাক সুৰা উদ্ধাৰ কৰে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুত কাকতি আৰু যান-বাহন শাখাৰ নিৰিক্ষক গকুল ডেকাৰ নেতৃত্বত চলা অভিযানত অৰুণাচলী সুৰা জব্দ হয় যদিও আৰক্ষীয়ে পিছ লোৱাৰ খবৰ পায়েই গাড়ীখনৰ চালকে পলায়ন কৰে৷ এএছ-২৫-বিচি-৩১০৭ নম্বৰৰ ট্ৰাকখনত প্ৰায় ১০ লাখ টকাৰ সুৰা আছে বুলি কয় মঙলদৈ আৰক্ষীয়ে।