বিশ্বনাথৰ পৰা জোনমণি বেগমঃ বানৰ তাণ্ডৱৰ মাজতে মুখ্যমন্ত্ৰীক স্মাৰক প্ৰদান বিশ্বনাথ জিলা টেট উত্তীৰ্ণ সমাজৰ৷ বিশ্বনাথ জিলা উপায়ুক্ত আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰি জীৱনলৈ অনিশ্চয়তা নামি আহিছে বুলি কয়। প্রায় ৩০ হাজাৰ খালি হৈ থকা পদত নিযুক্তি প্ৰদানৰ দাবী জনায়৷ ২০১৯-২০২১ বর্ষত টেট উত্তীর্ণ হৈ চাকৰিৰ পৰা বঞ্চিত টেট উত্তীৰ্ণই দোমোজাত পৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে টেট উত্তীৰ্ণসকলক নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰক এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা ভাৱে প্ৰদান কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে।অতি দুখৰে টেট উত্তীৰ্ণ হৈ চাকৰিৰ পৰা বঞ্চিত হৈ থকাসকলে কয় যে আমাৰ জীবনত অনিশ্চয়তা নামি আহিছে। আমি বৰ্তমান খেতি কৰো বুলি পথাৰলৈও যাব নোৱাৰো আৰু শিক্ষকতা কৰিবলৈ আমাৰ সম্পূৰ্ণ যোগ্যতা অৰ্জন কৰাৰ পিছতো আজি পৰ্যন্ত চাকৰিৰ পৰা বঞ্চিত থাকিব লগিয়া হৈছে।সেয়েহে টেট উত্তীৰ্ণসকলক সমগ্ৰ শিক্ষা অভিযানৰ অধীনত প্রায় ৩০ হাজাৰ খালি হৈ থকা পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে সমগ্ৰ সৰ্ব শিক্ষা অভিযানৰ (SSA) অধীনত বিজ্ঞাপন দিয়াৰ বাবে আৰু বর্তমান টেট উত্তীর্ণ প্রার্থীক নিযুক্তিৰ সুবিধা নকৰা পৰ্য্যন্ত কোনো ধৰণৰ টেট পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ দাবী জনায়।