জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ উচ্চ শিক্ষানুষ্ঠান ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীয়ে বানপীড়িত ৰহাৰ গড়মাৰী আৰু নিকটবৰ্তী অঞ্চলৰ প্ৰায় পঞ্চাশটা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বান সাহায্য বিতৰণ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বেদ কুমাৰ চলিহাৰ নেতৃত্বত শিক্ষক আৰু কৰ্মচাৰীসকলে বানাক্ৰান্ত পৰিয়ালকেইটাৰ মাজত আটা, ডাইল, চেনী, মিঠাতেল, চাহপাত, ব্লিচিং পাউদাৰ, বিস্কুট, চাবোন, কাপোৰ ধোৱা পাউদাৰ আৰু মচকুইট’ কইল আদি বিতৰণ কৰে। অধ্যক্ষ গৰাকীয়ে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্গতসকলৰ প্ৰতি সহানুভূতি আৰু সেৱা আগবঢ়োৱাটো এক নৈতিক আৰু সামাজিক দায়বদ্ধতা বুলি উল্লেখ কৰি ৰহা মহাবিদ্যালয় পৰিয়াল সদায় প্ৰয়োজনৰ বেলিকা দুৰ্গত আৰু আৰ্তজনৰ লগত থকাৰ কথা দোহাৰে৷ ৰহা মহাবিদ্যালয়ৰ এনে পদক্ষেপৰ শলাগ লৈছে বিভিন্নজনে৷