বেবেজীয়াঃ বছৰৰ দ্বিতীয়টো বানে নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ৰহা মহাবিদ্যালয় বেয়াকৈ ক্ষতিসাধন কৰে। আন্তঃগাথঁনিৰ লগতে শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা মহাবিদ্যালয়খনলৈ আজিও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। ইয়াৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে যদিও মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিশেষ তৎপৰতাত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে। এই পৰিবেশৰ মাজতে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপ-নিয়ন্ত্ৰক ড° দেৱহৰি তালুকদাৰৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনিজনীয়া এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে৷ দলটোৱে মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত কোঠা আৰু আচবাব সমূহ প্ৰত্যক্ষ কৰি বানত ক্ষতিগ্ৰস্ত মহাবিদ্যালয়খনৰ এনে দুৰৱস্থাৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইফালে, দলটোৱে ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকা কোঠা সমূহ নিৰীক্ষণ কৰাৰ লগতে উপ-নিয়ন্ত্ৰক ড° তালুকদাৰে পৰীক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰে। পৰিদৰ্শনৰ কালচোৱাত বিশ্ববিদ্যালয়ৰ দলটোক সংগ দিয়ে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, উপাধ্যক্ষা মণিকা দাসৰ লগতে মৃদুল কুমাৰ শৰ্মা, ড° দ্বিজেন শৰ্মা, মৃণাল জ্যোতি শৰ্মা, ড° ৰিণু বৰা আৰু অশোক কুমাৰ সিং প্ৰমুখ্যে অধ্যাপক বৃন্দই। এই উপলক্ষে আয়োজিত এক চমু অনুষ্ঠানত ড° দেৱহৰি তালুকদাৰকে প্ৰমুখ্যে কৰি বিশ্ববিদ্যালয়ৰ দলটোক মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপ-নিয়ন্ত্ৰকগৰাকীয়ে মহাবিদ্যালয়খনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে মহাবিদ্যালয় পৰিয়ালে লোৱা বিশেষ পদক্ষেপৰ শলাগ লোৱাৰ লগতে শৈক্ষিক আৰু পৰীক্ষা সম্পৰ্কীয় দিশত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। ইয়াৰ পিছত দলটো বানত ক্ষতিগ্ৰস্ত হোজাই জিলাৰ মহাবিদ্যালয়সমূহ পৰ্যবেক্ষণৰ বাবে ৰাওনা হয়৷