খগেন্দ্ৰ ৰাভা, দুধনৈঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ বাট-পথ এজাক বৰষুণতে পয়ালগা অৱস্থা হয় বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে৷ বোকাময় পথেৰে গঞাই যাতায়ত কৰিব লগা হোৱাত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে বুলি কয় সংগঠনটোৱে৷
সংগঠনটোৱে কয় যে কৃষ্ণাইৰ খৰিধৰা-মেন্দিপথাৰ পথৰ বিগত কেইবা বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাত যাতায়াতত যমৰ-যাতনা ভূগি আহিছে সৰ্বসাধাৰণ৷ অসম-মেঘালয় সীমান্তবাসী ৰাইজৰ স্বাৰ্থত শীঘ্ৰে পথ মেৰামতি কৰি যাতায়তৰ বাবে উপযুক্ত কৰিবলৈ দিবলৈ দাবী জনাই৷
গোৱাপাৰা জিলাৰ কৃষ্ণাইত অনুষ্ঠিত আমছুৰ এখন সাংগাঠনিক সভাত স্থানীয় নেতাই পথৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে৷ সভাত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কৃষ্ণাই আঞ্চলিক সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়৷ ছাদ্দাম হুছেইনক সভাপতি, মনোৱাৰ হুছেইনক কাৰ্যকৰী সভাপতি, ইব্ৰাহীম আলী আৰু মহিবুল আলীক উপ-সভাপতি, ছাহাবুল আলম খানক সাধাৰণ সম্পাদক, মৃদুল আহমেদ, ৰেজাবুল ইছলাম, মুস্তাকিন আলমক সহঃ সম্পাদক আৰু গোলাম মুস্তাফাক উপদেষ্টা হিচাপে লৈ ৩১ জনীয়া শক্তিশালী কৃষ্ণাই আঞ্চলিক সমিতি গঠন কৰা হয়৷ সভাত গোৱালপাৰা জিলা আমছুৰ সভাপতিৰ লগতে কেইবা গৰাকী আমছুৰ নেতা-কৰ্মী উপস্থিত থাকে৷