March 30, 2023, 8:29 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বাঘজান কাণ্ড সন্দৰ্ভত দ্বিতীয় পৰ্যায়ৰ গণ শুনানি অনুষ্ঠিত কৰাৰ দাবী

Reporter Name
  • Update Time : Sunday, June 28, 2020
  • 83 Time View

তিনিচুকীয়াঃ বিগত ২৭ মে’ত বাঘজানৰ ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ বাবে এজনীয়া তদন্ত সমিতি গঠন কৰি অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক দায়িত্ব অৰ্পণ কৰিছিল।

উক্ত সমিতিখনে অঞ্চলটোত সকলোধৰণৰ ক্ষয় ক্ষতিৰ লগতে সকলো সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ তথা দল-সংগঠনৰ পৰা মতামত গ্ৰহন কৰিবলৈ তিনিচুকীয়া আৱৰ্ত্ত ভৱনত ২৬ জুনৰ পৰা ২৮ জুনলৈ তিনিদিনিয়াকৈ এক গণ শুনানিৰ আয়োজন কৰিছিল।

দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক নেতৃত্বই গণ শুনানীত অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডে ভৱিষ্যতে পৰিৱেশ সংবেদনশীল, আৰু জনবাসতিপূৰ্ণ এলেকাৰ ভিতৰত খনন কাৰ্য্য বন্ধ কৰা, ক্ষতিগ্ৰস্থ সকলো পৰিয়াল সকলোধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে মতাপুং-মাগুৰি বিল আৰু ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষা কৰা, অইল ইণ্ডিয়া লিমিটেডৰ যিকোনো কাম কাজ, পৰিত্যক্ত খাদ সমূহত সম্পূৰ্ণৰূপে সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ এইজনীয়া সমিতিখনৰ জৰিয়তে আহ্বান জনায়।

ইফালে ৰাজ্যত চলি থকা অভাৱনীয় বান পৰিস্থিতিৰ বাবে এজনীয়া সমিতিয়ে আয়োজন কৰা গণ শুনানিত বাঘজানবাসী ৰাইজ তথা নিকটৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণ অংশগ্ৰহণ কৰিব পৰা নাই। সেয়ে ৰাইজে সম্পূৰ্ণৰূপে অভাৱ-অভিযোগ তথা সমস্যাসমূহ দাঙি ধৰিব পৰাকৈ পুনৰ দ্বিতীয় পৰ্যায়ৰ গণ শুনানি আয়োজন কৰিবলৈ দাবী জনাইছে দল-সংগঠনৰ নেতৃত্বই।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে