গুৱাহাটীঃ ৰাজ্যত বাঘজান কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ তিনিচুকীয়া জিলাৰ বাঘজানত মঙলবাৰে দিনৰ ভাগত বাঘজানৰ ৫ নং তৈল খাদত সংঘটিত বিস্ফোৰণ কাণ্ডত এখন গাঁৱৰ শতাধিক পৰিয়ালৰ সম্পত্তি জুইত জাহ যোৱাৰ লগতে গৰু-মহৰ মৃত্যু হয়৷ বিস্ফোৰণ সংঘটিত হৈ অগ্নিকাণ্ড সংঘটিত হোৱাত অইলৰ দুগৰাকী কৰ্মচাৰীৰো মৃত্যু হয়৷ দুয়োগৰাকী কৰ্মচাৰীৰ মৃতদেহ বুধবাৰে পুৱাই অইল কৰ্তৃপক্ষই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত সংঘটিত অগ্নিকাণ্ডত কূপটোৰ সমীপৰ বাসিন্দাৰ ঘৰ-বাৰী যাহ যোৱাৰ লগতে গৰু-ম’হৰ মৃত্যু হয় আৰু বৰ্তমানেও জুই চৌদিশে জ্বলিয়েই আছে৷ কিন্তু পূৰ্বেই উক্ত এলেকাৰ বাসিন্দাক স্থানান্তৰিত কৰাত মানুহৰ জীৱনৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে৷ বৰ্তমানেও অগ্নিকাণ্ড অব্যাহত আছে যদিও অইলে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰি উক্ত অঞ্চলৰ নাগৰিকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিবলৈ দাবী জনাইছে কেইবাটাও জাতীয় সংগঠনে৷ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, টাই আহোম যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ, সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সম্পাদক অৰূপজ্যোতি শইকীয়া, স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ, দুৰ্নীতি বিৰোধী মানৱ অধিকাৰ মঞ্চৰ সভাপতি প্ৰদীপ বৰুৱা, টাই আহোম মহিলা পৰিষদৰ মহিলা নেত্ৰী জুৰী গগৈ, জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সদৌ অসম উন্নয়ন পৰিষদৰ কাৰ্যকৰী সম্পাদক জয়ন্ত গগৈ আৰু সদৌ কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ কলিতাই স্বাক্ষৰ কৰা স্মাৰক পত্ৰ যোগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷
সংগঠনকেইটাই কয় যে ২৭ মে’ৰ পৰা তৈল গেছ নিৰ্গত হৈ থকাৰ পিছতো অইল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে অইল কৰ্তৃপক্ষ গেছ নিৰ্গমন বন্ধ কৰাত বিফল হৈছে৷ ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰি-মতাপুং বিল, বাঘজান নতুন বাৰী বিল আদি অঞ্চলৰ পশু-পক্ষী জীৱকূল ক্ষতিগ্ৰস্ত হৈছে৷ পৰিভ্ৰমি চৰাই, ডলফিনৰ মৃত্যু হৈছে৷ জৈব বৈচিত্র্যৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বাঘজানৰ ১৭৮৫গৰাকী লোকৰ ক্ষতি হৈছে৷ ২০০০ লোকক ডেৰ কিলোমিটাৰ দুৰৰ শিবিৰত ৰখা হৈছে৷ শিবিৰ সমূহ ছেনিটাইজ কৰাৰ লগতে স্বাস্থ্যকৰ কৰা হওক৷ এই অঞ্চলৰ লোকৰ প্ৰচণ্ড মুৰৰ বিষ, চকুৰ জ্বলা-পোৰা, চাল ৰোগ, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ দৰে ৰোগৰ লক্ষণ দেখা গৈছে৷ ডিব্ৰু ছৈ-খোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক চেনচেটিভ জ’ন এলেকাত অইলৰ খনন বন্ধ কৰা৷ অইলে উক্ত নৈ আৰু জলভুমি এলেকাত বসবাস কৰা জনজাতিসকলৰ অধিকাৰ কাঢ়ি নিছে৷
আনহাতে অইলে নিজৰ কৰ্মচাৰীসকলৰ জীৱনো বিপদলৈ ঠেলি দিছে বুলি উল্লেখ কৰে সংগঠনকেইটাই৷ আটাইকেইটা সংগঠনে শীঘ্ৰে উক্ত এলেকাৰ ক্ষতিপূৰণ আৰি পুনৰ সংস্থাপন কৰিবলৈ দাবী জনোৱাৰ লগতে স্বাস্থ্যকৰ পৰিবেশত জীয়াই থকাৰ সুবিধা দিয়াৰ লগতে জীৱ-জন্তু জীয়াই থাকিব পৰা পৰিবেশ গঢ়ি তুলিবলৈকো দাবী জনায়৷ অগ্নিকাণ্ডত জাহ যোৱা গাঁৱৰ আৱৰ্জনা আতৰাই পৰিস্কাৰ কৰিবলৈ দাবী জনায়৷ অইলে জৈৱ-বৈচিত্ৰৰ ক্ষতি আৰু সামাজিক ক্ষয়-ক্ষতিৰ দায়িত্ব লব লাগিব৷ সংগঠকেইটাই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰা, ক্ষতিপূৰণ দিয়াত বিলম্ব নকৰিবলৈ কোৱাৰ লগতে ইক চেনচেটিভ জ’ন আৰু জৈৱ বৈচিত্ৰ্যৰ এলেকাত খনন নকৰিবলৈকো দাবী জনাই মুখ্যমন্ত্ৰীক৷