March 25, 2023, 2:22 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বাঘজান কাণ্ডক অইলৰ গাফিলতি আখ্যা, ক্ষতিগ্ৰস্তক আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ দাবী নাথ যোগী ছাত্ৰ সন্থাৰ

Reporter Name
  • Update Time : Wednesday, June 10, 2020
  • 145 Time View

কোকৰাঝাৰঃ বাঘজান ঘটনা সম্পূৰ্ণৰূপে অইলৰ গাফিলতি , অইলৰ গাফিলতিৰ বাবেই দুজন খিলঞ্জীয়া যুৱকৰ মৃত্যু হোৱাৰ লগতে জনসাধাৰণৰ অজস্ৰ ধন জনৰ ক্ষতি হৈছে । এই ক্ষতিপুৰণ অইলে সম্পূৰ্ণৰূপে বহন কৰিব লাগিব আৰু ভৱিষ্যতে অইলৰ এনে হেমাহি কোনোপধ্যেই সহ্য কৰা নহব। এই মন্তব্য আগবঢ়াইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি উক্ত মন্তব্য আগবঢ়াইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথেে । বাঘজান ঘটনাৰ গৰিহণা প্ৰকাশ কৰি অৰবিন্দ নাথে কয় যে ১৪ দিনকৈ গেছ নিৰ্গত হৈ থকাৰ পিছতো বিসংগতি দুৰ নকৰা অইলে এতিয়া ক্ষতিপুৰণৰ সম্পূৰ্ণ দায়িত্ব লবই লাগিব।

মানুহৰ জীৱনৰ লগতে পশু-পক্ষী- পৰিৱেশৰ সতে হেতালি খেলি যি অন্যায় কাম কৰিছে সেয়া ক্ষতিপুৰণৰে পুৰ নহয় যদিও অইলে বাঘজানৰ ক্ষতিগ্ৰস্থ সকলোলৈ পৰ্যাপ্ত পৰিমানে ক্ষতিপুৰণ দিবই লাগিব বুলি দাবী কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

ইপিনে অসমৰ ছয় জনগোষ্ঠীৰ লগতে নাথ যোগী জনগোষ্ঠীকো জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আগন্তুক বিটিচি নিৰ্বাচনত যি দলে নাথ যোগীৰ সমস্যা সমাধানৰ্থে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব সেই দলৰ প্ৰাৰ্থীক হে সমৰ্থন দিয়া হব বুলি স্পষ্ট কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে। কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে সমাজকৰ্মী মণ্টু নাথে।

সম্পূৰ্ণ সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি -নিৰ্দেশনা পালন কৰি আজি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা নাথ যোগী ছাত্ৰ সন্থাৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসত সন্থাৰ কেন্দ্ৰীয় সাংগঠিক সম্পাদক জিবুৰাম নাথ , কাৰ্যনিৰ্বাহক সদস্য বকুল নাথ , জিলা সম্পাদক লোহিত নাথ আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে