March 28, 2023, 5:24 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বাঘজানত বিধ্বংসী জুই নিৰ্বাপিত হ’বলৈ লাগিব ৪৫ দিন, আতংকৰ মাজতে আশংকা কমিছে

Reporter Name
  • Update Time : Wednesday, June 10, 2020
  • 146 Time View

তিনিচুকীয়াঃ বাঘজানৰ তৈল খাদৰ জুই নিৰ্বাপিত হ’বলৈ ৩০ৰ পৰা ৪৫ দিনৰ সময় প্ৰয়োজন হ’ব৷ অইলৰ বিশেষজ্ঞসকলে শেহতীয়াকৈ এই মন্তব্য প্ৰকাশ কৰিছে৷ হেলিকপ্তাৰৰ দ্বাৰা ওপৰৰ পৰা পানী বা গেছ দি এই জুই নুমুৱাব পৰা নাযাব৷ বিশেষজ্ঞৰ মতে, পানীৰ পাইপ মাটিৰ তলেৰে বহুৱাই অহৰহ জুই ওপৰত দিয়াৰ পিছতহে এই অগ্নি নিয়ন্ত্ৰিত হ’ব৷ অৱশ্যে আজি পূৰ্বৰ তুলনাত জুইৰ লেলিহান শিখাৰ প্ৰকোপ কমিছে৷ চুবুৰীয়া গাঁৱলৈ জুই বিয়পাৰ আশংকাও হ্ৰাস পাইছে৷ তৎসত্বেও চুবুৰীয়া গাঁও সমূহত আতংক কমা নাই৷ বহু লোক গৃহহীন হৈছে আৰু শ-শ লোকে উজাগৰী নিশা পাৰ কৰিব লগা হৈছে৷ পশু-পক্ষী আৰু পশু ধন হাজাৰ বিজাৰৰ ঘৰত ইতিমধ্যে নিধন হৈছে৷

তিনিচুকীয়া জিলাৰ বাঘজানৰ ৫ নং তৈল কূপত সংঘটিত বিস্ফোৰণৰ পিছতে সংঘটিত অগ্নিকাণ্ডৰ চাঞ্চল্য সমগ্ৰ অসমত মাৰ যোৱা নাই৷ ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ লগতে অইলে জুই নিৰ্বাপণ কৰাৰ লগতে তেলৰ কূপটো বন্ধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ কূপটোলৈ নিব পৰাকৈ পানীৰ ব্যৱস্থা কৰাৰ লগতে গাড়ী আহ-যাহ কৰিবৰ বাবে পথ নিৰ্মাণ কৰি থকা বুলি জানিব পৰা গৈছে৷ কূপটোৰ গাতে লাগি থকা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰি-মতাপুং বিল আৰু ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল সংকট নামি পৰাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে জীৱকূল মৃত্যুত মুখত পৰা পৰিলক্ষিত হৈছে৷

অইল ইণ্ডিয়াৰ তৈল প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকাই ৰ’দৰ প্ৰখৰ উত্তাপৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি কৈছে। ‘ব্ল-আউটৰ দিনধৰি অঞ্চলটোত প্ৰতিদিনে প্ৰৱল বৃষ্টিপাত অব্যাহত থকাৰ লগতে অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘণ্টাত তিনিশ কিলোলিটাৰ পানী অহৰহ কূপটো আৰু ইয়াৰ চৌপাশে মাৰি আছিল। ফলত অগ্নিকাণ্ড সংঘটিত নোহোৱাকৈ দিনকেইটা পাৰ হৈছিল। কিন্তু কালি আৰু আজি বাঘজানত প্ৰখৰ ৰ’দৰ ফলত জলবায়ু উত্তপ্ত হৈ পৰে। ৪৪০০ পি এচ আই অৰ্থাৎ তিনিশ কেজিতকৈও অধিক চাপযুক্ত তৈলকূপটোৰ ৱৰ্ক অভাৰৰ কাম কৰা জন এনাৰ্জি নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ ৰীগৰ গৰম তীখা বতাহ আৰু নিৰ্গমিত গেছৰ ফলত ইদালে-সিদালে ঘঁহনি খাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।’-অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ সংকট ব্যৱস্থাপক দলৰ প্ৰাথমিক অনুসন্ধানত উক্ত কথা পোহৰলৈ আহিছে বুলি উল্লেখ কৰি এইদৰে কয় মুখপাত্ৰজনে।

সৌভাগ্যবশতঃ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ৰীগৰ ওপৰত বা আশে-পাশে কোনো কৰ্মচাৰী উপস্থিত নথকাৰ ফলত কোনো লোক হতাহত নহ’ল বুলি দাবী কৰে মুখপাত্ৰজনে। অৱশ্যে তেওঁ অ’ এন জি চিৰ এজন ফায়াৰ ফাইটাৰ অগ্নিকাণ্ডত আহত হোৱাৰ কথা সদৰী কৰাৰ লগতে বৰ্তমান লোকজন সংকটমুক্ত বুলি জানিবলৈ দিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে