May 25, 2022, 12:25 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বাঘজানক লৈ স্বাধীনতাৰ চেতনা জাগ্ৰত কৰাৰ চেষ্টা আলফাৰ!

Reporter Name
  • Update Time : Wednesday, June 10, 2020
  • 98 Time View

গুৱাহাটীঃ বাঘজানৰ ঘটনাক লৈ আলফা স্বাধীনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চীফ অব ষ্টাফ পৰেশ বৰুৱাৰ দীৰ্ঘদিনীয়া মৌনতাক লৈ সৰৱ আলোচনা চলি থকাৰ মাজতে আজি পুনৰ পৰেশ বৰুৱাৰ অনুপস্থিতিক অধিক ৰহস্যজনক কৰি প্ৰচাৰ বিভাগৰ তৰফৰ পৰা এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰিছে। সংগঠনটোৰ হৈ কে. দ্বীপ অসমে প্ৰেৰণ কৰা বিবৃতি পূৰ্ণ পাঠ ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়োৱা হ’ল।

“অসমৰ সম্পদ অবৈধ লুণ্ঠন কৰি থকা উপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ অধীনস্থ “অইল ইণ্ডিয়া লিমিটেড”ৰ চৰম গাফিলতিৰ বাবে যোৱা ইং ২৭ মে’ তাৰিখত তিনিচুকীয়া জিলাৰ বাঘজানস্থিত বি জি আৰৰ পাঁচ নম্বৰ তৈলকূপত ভয়ংকৰ বিস্ফোৰণৰ হোৱাত অধিক উচ্চ চাপত নিৰ্গত হোৱা বিষাক্ত গেছ আৰু গেদীয় পদাৰ্থ সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰাৰ ফলত উক্ত অঞ্চলৰ জনজীৱনৰ লগতে পশ্চিমে অঞ্চলটোৰ লগতে লাগি থকা থকা মাগুৰি-মতাপুং জলাশয় তথা উত্তৰে ইয়াৰ কাষতে থকা ডিব্ৰু-ছৈখোৱা জাতীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য বধ্যভূমিত পৰিণত হোৱাৰ লগতে বিভিন্ন পশু-পক্ষীৰ আৰু আপুৰুগীয়া শিহু মৃত্যু মুখত পৰিছে।

কেৱল সেয়াই নহয় অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদত গেছ নিৰ্গমনৰ দুৰ্ঘটনাৰ ফলত একেটা পৰিয়ালৰে পাঁচজন সদস্যই অকাল মৃত্যুক আঁকোৱালি লোৱাৰ পাছত কালি ভয়ংকৰ জুইৰ লেলিহান শিখাই এক বৃহৎ অঞ্চল আগুৰি ধৰাত উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে খেতি-পথাৰ, ঘৰ-বাৰী হেৰুৱাৰ উপক্ৰম হৈ আতংকৰ মাজত দিন কটাব লগা হৈছে। আনফালে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোঁহাই কাষৰ নৈত জাঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও অৱশেষত মৃত্যু মুখত পৰে। এই সমূহ ঘটনাই প্ৰমাণ কৰে যে ভাৰত ৰাষ্ট্ৰৰ ওচৰত থলগিৰি তথা ইয়াৰ জৈৱ বৈচিত্ৰতাৰ কিবা গুৰুত্ব আছে বুলি ভবাতো মূৰ্খৰ স্বাৰ্গত বাস কৰাহে হ’ব।

অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড এয়া কোনো নতুন কথা নহয়। অইল কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ ফলত একাধিকবাৰ তেল পৰিবাহী পাইপলাইনত বিস্ফোৰণ হোৱাৰ লগতে তৈলখাদত বিস্ফোৰণৰ ফলত বিস্তৰ অঞ্চলৰ কৃষক ৰাইজ, পশুধন, শস্য পথাৰৰ ক্ষয়-ক্ষতি হোৱাৰ উদাহৰণ আছে। জয়সাগৰ আৰু ডিকমৰ ঘটনাৰ পৰা শিক্ষা নোলোৱা অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অসমৰ জাতীয় সম্পদৰ বৃহৎ অপচয় হোৱাই নহয় ইয়াৰ পৰা অসমৰ পৰিবেশ আৰু জলবায়ুত কু-প্ৰভাৱ পৰিছে আৰু ইয়াক আমি জঘন্য অপৰাধ হিচাপে গণ্য কৰো।

আপাততঃ দিহিং-পাটকাই বৰ্ষাৰণ্যৰ জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে অসমৰ থলগিৰীৰ জীৱনক বিপদাপন্ন কৰি ভাৰত ৰাষ্ট্রই অবিবেচক বহুজাতিক কোম্পানীক অসমৰ সম্পদ লুণ্ঠনৰ বাট মুকলি কৰি মুক্ত খননৰ অনুমতি প্ৰদান কৰাৰ পাছত; অসমৰ ভূ-গৰ্ভত থকা তৈল সম্পদ তথা গেছ অন্বেষণ কৰিবলৈ একাংশ প্ৰতিষ্ঠান তৎপৰ হোৱা বুলি আমি জানিব পাৰিছো। বিগত দিনত অসমৰ বিভিন্ন ঠাইত যিকেইটা তৈলকূপ স্থাপন কৰা হ’ল, তাৰ পৰা উপনিৱেশিক শাসন-শোষণৰ দ্বাৰা দৈনিক হাজাৰ হাজাৰ টন খাৰুৱা তেল, প্ৰাকৃতিক গেছ অসমৰ বাহিৰলৈ উলিয়াই লৈ যোৱা হৈছে। কিন্তু এতিয়া পুনৰ নতুকৈ অন্বেষণ কৰিবলৈ লোৱা কাৰ্য্যক সংযুক্ত মুক্তি বাহিনী,অসম[স্বাধীন]য়ে কেতিয়াও সহ্য নকৰে। এই বিবৃতি যোগে আমি অইল ইণ্ডিয়া লিমিটেডৰ মূখ্য সঞ্চালক পংকজ কুমাৰ গোস্বামী ডাঙৰীয়াৰ লগতে অইল কতৃপক্ষক জনাও যে কোনো কাৰণতেই অনাগত দিনত অসমত নতুনকৈ প্ৰাকৃতিক গেছ আৰু তেল উত্তোলনৰ কৰিবলৈ দিয়া নহ’ব। অন্যথা অসম বিৰুধী এনে কাৰ্যক যিকোনো মূল্যৰে কঠোৰভাৱে প্ৰতিহত কৰিবলৈ আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) বদ্ধপৰিপকৰ।

ইয়াৰ লগতে আমি অসমৰ থলগিৰি জনগণক জনাওঁ যে- ৰাষ্ট্ৰযন্ত্ৰই বিভিন্ন অজুহাত তথা প্ৰলোভনেৰে থলগিৰি ৰাইজৰ মন-মগজু জিনিবলৈ প্ৰয়াস কৰিব। অসমৰ তৈল ক্ষেত্ৰখনৰ সৈতে এমুঠিমান মানুহৰ স্বাৰ্থ জড়িত হৈ থকাৰ বিপৰীতে বিদেশী বণিকগোষ্ঠীয়ে লক্ষ লক্ষ জনগণৰ সম্পদ কাঢ়ি লৈ যোৱাটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। মুষ্টিমেয় এখিনি মানুহৰ স্বাৰ্থৰ বাবেই হওক বা কেইটামান চাকৰিৰ বাবেই হওক; আপোনালোকে এনে কোনো ভুল পদক্ষেপ হাতত নলব। তাহানিতে আমাৰ অগ্ৰজ সকলে কৰা ভুলৰ বাবে আজি আমি স্বাধীন হৈও পৰাধীনতাৰ অন্ধকাৰ কোঠাত আৱদ্ধ আৰু আজি আপুনি কৰা এটা ভুলৰ বাবে ভৱিষ্যত প্ৰজন্মৰ কঁকাল বেঁকা হৈ পৰিব। কিয়নো এতিয়া আমাক উক্ত সম্পদসমূহ সিমান প্ৰয়োজন নাই যিমান উত্তোলন কৰা হয়।

এতিয়া অসমৰ থলগিৰি ৰাইজে বুজাৰ সময় আহি পৰিছে যে অসমৰ সম্পদসমূহ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হ’বই লাগিব । যিদৰে আমাৰ চুবুৰীয়া নাগা ভাই সকলে কৰি ৰাখিছে। প্ৰাকৃতিক সম্পদ ধ্বংস হোৱাৰ পাছত অসমৰ কেনে দুৰৱস্থা হ’ব সেয়া আমি এতিয়াই উপলব্ধি কৰিব পাৰিব লাগিব। সেয়েহে অসমৰ সম্পদ সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত খনিজ তেল, প্ৰাকৃতিক গেছ আৰু কয়লা ক্ষেত্ৰৰ সৈতে জড়িত ঠিকাদাৰ সকলে নতুন খনন কাৰ্য্যত হাত উজান দিয়াৰ পৰা বিৰত থাকিবলৈ; লগতে একাংশ দল-সংগঠনক চেনাৰী নীতি গ্ৰহণ নকৰিবলৈ কঠোৰভাৱে আহ্বান জনালো।

প্ৰসংগক্ৰমে আমি উল্লেখ কৰিব বিচাৰোঁ যে- NEEPCO এ বাৰে বাৰে অসমৰ খাতিখোৱা জনসাধাৰণৰ জীৱন বিপন্ন কৰি আহিছে যদিও আমাৰ একাংশ মানুহে বুজিবলৈ চেষ্টা নকৰে। সেইদৰে কয়লা ক্ষত্ৰতো অসমৰ থলগিৰি জনগণ বাৰে বাৰে প্ৰৰোচিত হৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে চাকৰি আৰু ইয়ে হৈছে থলগিৰি জনগণৰ প্ৰধান দুৰ্বলতা। চাকৰি নহ’লে কি কৰিম, কি খাম এনে মানসিকতাই আজিৰ প্ৰজন্মক আচ্ছন্ন কৰি ৰখাৰ সমান্তলাৰকৈ শোষক পক্ষই এনে মানসিকতা বৃদ্ধি কৰাত উদগণি যোগাইছে। চাকৰি নহ’লেও যে অসমত আৰ্থিকভাৱে স্বচ্ছল জীৱন নিৰ্বাস কৰিবলৈ বহু পথ আছে সেয়া আমি অন্বেষণ কৰিব লাগিব।তাৰ বাবে লাগিব নেৰানেপেৰা চেষ্টা, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা। অসমৰ প্ৰাকৃতিক গেছ, তেল, কয়লা আৰু অন্যান্য সম্পদ সমূহৰ লুণ্ঠনৰ ফলত থলগিৰি ৰাইজৰ মানুহৰ বিগত সময়ত কি লাভ হৈছে সেয়া থলগিৰি ৰাইজৰ সহজেই অনুমেয়। থলগিৰিৰ বৃহৎ স্বাৰ্থ জলাঞ্জলি দি অইলৰ ৰয়েলিটি আমাক নালাগে। অইল ইণ্ডিয়াৰ কেইটামান চাকৰিৰ বাবে কোনেও যাতে প্ৰলোভিত হ’ব নোৱাৰে তাৰ প্ৰতি সজাগ হোৱাটো সময়ৰ আহ্বান।

অসমত কি নাই, অসমৰ মাটি সোণ, পলসুৱা, প্ৰাকৃতিক সম্পদৰাজি ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ। কিন্তু এই সকলোবোৰ ৰাষ্ট্ৰযন্ত্ৰই এদেও দুদেও কৈ লোটা নিয়া চলেৰে অনা- অসমীয়া, বিদেশী ,বনিক গোষ্ঠী আদিক গতোৱাত ব্যস্ত। অসমৰ বিভিন্ন দল সংগঠনৰ ব্যপক আন্দোলন, প্ৰতিবাদৰ পাছতো ৰাষ্ট্ৰযন্ত্ৰৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰা পুতলা চৰকাৰখনে পুঁজিপতি গোষ্ঠী ,বনিক আৰু বহুজাতিক কোম্পানী আদিক তোষামোদ ,সন্তোষ্ট কৰিবলৈ হতকাৰী সিদ্ধান্তবোৰ লৈছে। সেয়েহে অসমৰ জনগণৰ স্বাৰ্থ অগ্ৰাধিকাৰৰ বাবে ভাৰত ৰাষ্ট্রই অবৈধ ভাৱে দখল কৰি থকা ভূখণ্ডৰ সমূহ সম্পদৰ ওপৰত থলগিৰিয়ে নিজৰ অধিকাৰ প্ৰতিস্থা কৰাৰ লগতে বৃটিছ শাসকে দি যোৱা হীনমন্যতাবোধ আৰু যোৱা ৭৪ বছৰে দিল্লীৰ শাসকে কৌশলপূৰ্ণভাৱে পাতি থোৱা পৰনিৰ্ভৰশীলতাৰ জাল ফালি স্বাধীনতাৰ চেতনা জাগ্ৰত কৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱাটো থলগিৰি জনগণৰ নৈতিক কৰ্তব্য বুলি বিবেচনা কৰিবলৈ আমি আহ্বান জনালো।”

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে