শৰণীয়া-কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘বাঁহ-গোসাঁই উৎসৱ’ এইবেলি বাক্সা জিলাৰ বাগানপাৰাত অনুষ্ঠিত হ’ব৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ উদ্যোগত আৰু শৰণীয়া কছাৰী ছাত্র সন্থাৰ বাগানপাৰা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ’ব। কেন্দ্রীয় বাঁহ-গোসাঁই উৎসৱ বাক্সা জিলাৰ বাগানপাৰাত ৫ আৰু ৬ বহাগত (১৯, ২০ এপ্ৰিল) অনুষ্ঠিত হ’ব৷ কেন্দ্রীয় বাঁহ-গোসাঁই উৎসৱৰ আজি অভ্যৰ্থনা সমিতি গঠৰ কৰা হয়। বাক্সা স্নাতক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োক সভাপতি, বিপুল শৰণীয়াক কাৰ্যকৰী সভাপতি আৰু কিশোৰ কুমাৰ দাসক মুখ্য সম্পাদক হিচাপে লৈ সমিতি গঠন কৰা হয়৷ বাগানপাৰা অঞ্চলৰ বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোক, দল-সংগঠনৰ ৰাইজক লৈ প্ৰায় ১৫ খন উপ-সমিতিৰ গঠন কৰা হয়।