আজিও বাংলাদেশৰ নাগৰিকে ভাৰতত প্ৰবেশ কৰি আহিছে৷ বিগত কেইবাটাও দিনত কেইবাগৰাকী লোকক জালত পেলাইছে বিএছএফে৷ পুনৰ আন এগৰাকী বাংলাদেশী জালত পৰিছে৷ বিএছএফৰ নৰ্থ বেংগল বিঅ’পিয়ে ১০ এপ্ৰিলত বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশীক বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বিজিবিৰ হাতত গতাই৷ ফ্লেগ বৈঠকৰ জৰিয়তে মানৱীয় দিশ ভিত্তি কৰি বিএছএফে বাংলাদেশী নাগৰিকজনক বিজিবিক হস্তান্তৰ কৰে।