ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচাৰত বিএছএফৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত হয়৷ মানকাচাৰৰ ছাটকৰাইবাৰীত চোৰাং গৰু সৰবৰাহৰ সময়তে নিহত হয় মানকাচাৰৰ পুৰাণদিয়াৰা গাঁৱৰ ফাৰুক আলম৷ বুধবাৰে পুৱতি নিশা ছাটকৰাইবাৰীত বাংলাদেশ সীমান্তত কাটা তাঁৰৰ বেৰত বাঁহ বান্ধি গৰু পাৰ কৰি থকাৰ সময়তে বিএছএফে গুলীচালনা কৰিবলগীয়া হয়৷ দেহত গুলী লগাত সৰবৰাহকাৰী ফাৰুক আলমক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কাৰ হৈছিল যদিও আধবাটতে মৃত্যু হয়৷ ফাৰুক আলমে ইয়াৰ পূৰ্বেও গো-সৰবৰাহ কৰিছিল৷