ঢাকাঃ বাংলাদেশত ভয়াৱহ ফেৰী দুৰ্ঘটনা। এই দুৰ্ঘটনাত অতি কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমানো সন্ধানহীন হৈ আছে ১২ জনকৈ লোক।
উদ্ধাৰকাৰীদলে জনোৱা মতে, সোমবাৰে পুৱা দেশখনৰ ৰাজধানী ঢাকাত আন এখন ফেৰীৰ সৈতে খুন্দা লগাৰ ফলতে এই অঘটন সংঘটিত হয়। ফেৰীখনত অতি কমেও ৫০ জন যাত্ৰী আছিল বুলি অনুমান কৰিছে স্থানীয় প্ৰশাসনে।