১৯৯০ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ভাস্কৰ ৰাৱে আজি ৰাজনীতিত প্ৰবেশ কৰে৷ বাংগালুৰুৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ভাস্কৰ ৰাৱে সোমবাৰে আম আদমী পাৰ্টীত (এএপি)ত যোগদান কৰে। ভাস্কৰে ৰাৱে ৰাষ্ট্ৰীয় ৰাজধানীত দিল্লীত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াৰ উপস্থিতিত দলটোত যোগদান কৰে। যোৱা ৬-৭ বছৰত দিল্লীৰ প্ৰশাসন চাই মই অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত প্ৰতি যথেষ্ট প্ৰভাৱিত হৈছো। মোৰ লক্ষ্য হৈছে অৰবিন্দ কেজৰিৱালৰ সুশাসন দক্ষিণ ভাৰতলৈ অনা, বিশেষকৈ বাংগালুৰুলৈ। কৰ্ণাটকত গুণগত নেতৃত্বৰ বাহিৰে আন একোৰে অভাৱ নাই বুলি কয় ভাস্কৰে ৰাৱে। প্ৰাক্তন কংগ্ৰেছ নেতা অশোক তানৱাৰে ২০২১ চনৰ নৱেম্বৰত তৃণমূল কংগ্ৰেছত (টিএমচি) যোগদান কৰিছিল যদিও আপত যোগদান কৰাৰ সম্ভাৱনা আছে।