March 28, 2023, 10:23 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বহুবল্কী মন্ত্ৰী অতুল বৰাৰ সমষ্টিত শিল-বালিৰ নহয় বোকা-পানীৰ পথ

Reporter Name
  • Update Time : Sunday, June 28, 2020
  • 131 Time View

নুমলীগড়ঃ বহু বল্কী মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ দুৰ্দশাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ লক-ডাউনৰ সময়ত নিজ সমষ্টিৰ নাগৰিকৰ খবৰ নলৈ লক-ডাউন খুলি দিয়াৰ সময়ত তিনমাহৰ মূৰকত খাদ্য বিতৰণ কৰিবলৈ খেদা খাব লগা হৈছে খোদ মন্ত্ৰী অতুল৷ বছৰৰ পিছত বছৰ ধৰি এটা বান্ধ নিৰ্মাণ কৰিব নোৱাৰাত কৃষকে কেঁচা ধান ঘৰলৈ চপাই আনিব লগা হৈছে৷ মন্ত্ৰী অতুল বৰাৰ বিফলতাৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি৷ সমষ্টিত এতিয়া অকৰ্মণ্য মন্ত্ৰী ৰূপে বিখ্যাত হৈ পৰিছে এইগৰাকী মন্ত্ৰী৷ এইবাৰ চৰ্চালৈ আহিছে অতুল বৰাৰ সমষ্টিৰ এটা পথ৷ যিটো পথ বাৰিষা-শৰালী বোকা-পানীৰে ভৰি থাকে৷ কেতিয়াও পথটোত এচপৰা মাটি পৰা নাই৷

বোকা আৰু পানীৰ মাজেৰে ৰাজপথত খোজ কাঢ়িবলৈ বাধ্য হৈ পৰিছে৷ একাঠু পানী বোকাৰ মাজত জীয়াই থাকিবলগীয়া হৈছে বোকাখাট বিধানসভা সমষ্টিৰ দিচৈ পঞ্চায়তত৷ নুমলীগড়ৰ মহৰামুখ-গুটুং পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ খবৰ নাই। খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। এজাক বৰষুণৰ ফলতেই জলমগ্ন হৈ পৰে পথ। বছৰ বছৰ ধৰি কদৰ্যময় পথেৰে প্ৰায় কুৰিখন গাঁৱৰ লোকে অহা-যোৱা কৰিবলগীয়া হৈছে। মিচিং জনবসতিপূৰ্ণ অঞ্চলৰ লোকসকলে কেইবাবাৰ পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও মন্ত্ৰী তথা বিধায়ক অতুল বৰাই কেতিয়াও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ ২০খন গাঁৱৰ প্ৰায় ২০ হাজাৰ লোকৰ একমাত্ৰ যোগাযোগৰ মাধ্যম পথটোৰ অৱস্থাই নৰক যন্ত্ৰণা ভোগাই আহিছে পথচাৰীক।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে