বোকাজানঃ অসমত নিতৌ কৰ্মসংস্থাপনহীন যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীয়ে এটা সংস্থাপনৰ পাবলৈ হাহাকাৰ কৰিছে৷ কিন্তু অসমত অসমৰ যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক সংস্থাপন দিয়াৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে৷ ৰেলৱৈত বৃহৎ সংখ্যাক বহিঃৰাজ্যৰ যুৱক-যুৱতীক অসমত সংস্থাপন কৰাৰ লগতে এইবাৰ কাৰ্বি আংলঙৰ বোকাজান চিমেণ্ট কাৰখানাত বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিয়োগ কৰাত জাঙুৰ খাই উঠিছে কাৰ্বি আংলঙবাসী৷
বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ আৰু স্থানীয় বিধায়কে বিৰোধ কৰি অহাৰ পিছতো বোকাজান চিমেণ্ট কাৰখানাত ৯ জনকৈ বহিঃৰাজ্যৰ যুৱকক চক্ৰান্তমূলক ভাৱে নিযুক্তি দিয়াত দীৰ্ঘদিনে প্ৰতিবাদ কৰি অহা বোকাজানবাসীয়ে সোমবাৰে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাই বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষক এই নিযুক্তি বাতিল কৰি অসমৰ যুৱক-যুৱতীক নিযুক্তি দিবলৈ দাবী জনাই৷
বোকাজানবাসী ক্ষুন্ন হৈ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰ ঘেৰাও কৰি বিভিন্ন শ্ল’গাণেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাই৷ দুয়োটা জাতীয় সংগঠনে কোনো কাৰণতে বহিঃৰাজ্যৰ যুৱকক কাৰখানাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে৷
উল্লেখ্য যে, ভাৰতীয় চিমেণ্ট নিগমে হিমাচল প্ৰদেশৰ ৰাজবন আৰু তেলেংগানাৰ টাণ্ডুৰ চিমেণ্ট কাৰখানাত খালী হৈ থকা ৯ টাকৈ কাৰিকৰী পদৰ বাবে সুকীয়াকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিয়োগ কৰা ৯ জন লোকক ৰহস্যজনক ভাৱে বোকাজান বিলাতী মাটি কাৰখানাত যোগদানৰ বাবে প্ৰেৰণ কৰে৷ দীৰ্ঘদিন ধৰি বোকাজান কাৰখানা কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ৯ জন যুৱকে কৰ্মত যোগদানৰ বাবে বাহৰ পাতি আছিল যদিও প্ৰতিবাদৰ বাবে যোগদান কৰিব পৰা নাই৷
কৰ্তৃপক্ষই যোৱা ২০ আগষ্টত চিচিআই অতিথি গৃহত উক্ত যুৱক কেইজনক গোপনে কামত যোগদান কৰাত ক্ষোভিত জাতীয় সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে কাৰখানাৰ মহাপ্ৰৱন্ধক বিপুল কুমাৰে আৰক্ষীৰ আৱেষ্টনীত প্ৰতিবাদকাৰীৰ সন্মুখীন হৈ বিষয়টো বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে যদিও বহিঃৰাজ্যৰ যুৱকক কিয় বোকাজান চিমেণ্ট ফেক্টৰীত নিয়োগ কৰিব লগীয়া হৈছে তাৰ কোনো উত্তৰ দিব নোৱাৰিলে৷