বেবেজীয়াঃ পেটৰ তাড়নাত বহিঃৰাজ্যত কামৰ সন্ধানত যোৱা অসমৰ যুৱক সময়ে সময়ে সন্ধানহীন হৈ অহাৰ সময়তে শেহতীয়াভাৱে পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা৷ এইবাৰ বহিঃৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত সন্ধানহীন হৈছে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিটাঙনীৰ ইমামুল হুছেইন নামৰ এজন মুকবধিৰ যুৱক৷ এই যুৱকজন যোৱা শুকুৰবাৰৰ পৰা ৰহস্যজনকভাৱে নিখোঁজ হৈ আছে৷ অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনে নিজৰ লগতে পৰিয়ালৰ অন্ন মুঠিৰ বাবেই প্ৰায় এমাহৰ পূৰ্বে ডিমাপুৰলৈ গৈছিল আৰু তাতে ৰাইবস্তি নামৰ ঠাইত কোম্পানীত কাম কৰি আছিল৷ কিন্তু আৰ্থিক অনাটনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলা এই যুৱকজন হঠাতে নিৰুদ্দেশ হৈ পৰাৰ পিছত বৰ্তমানলৈকে কোনো শুংসূত্ৰ ওলোৱা নাই। আনকি পৰিয়ালৰ লোকে ডিমাপুৰৰ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও যুৱকজনৰ কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাত দৰিদ্ৰ পৰিয়ালটো এতিয়া চৰম দুঃশ্চিন্তাত সময় অতিবাহিত কৰাৰ লগতে মানসিকভাৱে ভাগি পৰিছে৷ সেয়ে কোনো লোকে যদি ৫ ফুট ৫ ইঞ্চি উচ্চতাৰ বগা বৰণৰ মুকবধিৰ যুৱকজনৰ কিবা সম্ভেদ পায় তেন্তে আৰক্ষী নতুবা 88228-95490 আৰু 76280-24790 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷