চন্দ্ৰ কুমাৰ নাথ, বঙাইগাঁওঃ ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত চালক সন্থাৰ উদ্যোগত বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ বিৰুদ্ধে কালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জিলা পৰিবহণ বিভাগে বাহনৰ পৰা জধে-মধে জৰিমনা আদায় কৰাৰ অভিযোগ। জানিবলৈ দিয়া মতে, গাড়ী চালকৰ অজ্ঞাতে নিজ খেয়াল খুচিমতে অনলাইন যোগে ৩৫ হাজাৰ পৰা ৪০ হাজাৰ টকা জৰিমনা বিহে। শিক্ষিত একাংশ নিবনুৱা যুৱকে কৰ্ম সংস্থাপন বিচাৰি নাপাই কোনোমতে এখন বলেৰ’ গাড়ী কিস্তিত ক্ৰয় কৰি পৰিয়াল পোহপাল দি আছে। তেনে সময়ত এই শিক্ষিক নিবনুৱাসকলৰ ওপৰত যদি এনেদৰে নিতৌ জৰিমনা দিব লাগে তেনেহ’লে গাড়ী বিক্ৰী কৰি জৰিমনা দিব লাগিব, অন্যথা আত্মহত্যাৰ দৰে পথ বাচি ল’ব লাগিব বুলি উল্লেখ কৰে। জিলা পৰিবহণ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি এইসকল চালক তথা গাড়ীৰ স্বতাধিকাৰীয়ে জিলা পৰিবহণ বিভাগৰ এনে কৰ্ম কাণ্ড বন্ধ কৰিবলৈ দাবী জনায়।