ডিজিটেল ডেস্কঃ নাৰ্কটি’ক কণ্ট্ৰল ব্যূৰৰ হাতোৰা পৰিব বলিউদৰ আন কেইবাগৰাকী সুন্দৰীৰ অভিনেত্ৰীৰ ওপৰত৷ ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তীসহ কেইবাগৰাকী বলিউদৰ অভিনেতা-অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে৷
বলিউদ পাৰ্টীত ড্ৰাগছ ব্যৱহাৰ কাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰখা এনচিবিয়ে বলিউদৰ কেইবাগৰাকী অভিনেত্ৰীক চমন প্ৰেৰণ কৰিবলৈ সাজু হৈছে৷ ড্ৰাগছ যোগনীয়াৰৰ ভাষ্যৰ ভিত্তিত অভিনেত্ৰী চাৰা আলী খান, ৰকুলপ্ৰীত কৌৰ আৰু শ্ৰদ্ধা কাপুৰক শীঘ্ৰে সোধ-পোছ কৰিব৷ সোমবাৰে প্ৰকাশিত খবৰ মতে, তিনিও অভিনেত্ৰীক সোধ-পোছ কৰিবৰ বাবে অতিশীঘ্ৰে নিৰ্দেশ জাৰি কৰিব৷