ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেত্ৰী কংগনা ৰনাৱটে লাভ কৰিব Y-কেটগ’ৰীৰ নিৰাপত্তা৷ মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ সৈতে বাকযুদ্ধ চলি থকাৰ লগতে কংগনাক মুম্বাইলৈ নাহিবলৈ ধমক দিয়াৰত ৱাই কেটগ’ৰীৰ নিৰাপত্তা লাভ কৰিব বুলি খবৰ প্ৰকাশ পাইছে৷ এক সুত্ৰৰ দ্বাৰা একাংশ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা খবৰ মতে, ৱাই কেটগ’ৰীৰ সুৰক্ষা লাভ কৰিব কংগনাই৷ সুশান্ত মৃত্যু কাণ্ডৰ পিছৰে পৰা একাংশ লোকৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা কংগনাই একাংশ লোকক টাৰ্গেট কৰি ছ’চিয়েল মিডিয়াত মন্তব্য প্ৰকাশ কৰি আহিছে৷