নজৰুল হক, গোৱালপাৰাঃ বলদমাৰী চৰত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। ইতিমধ্যে খহনীয়াই নিঃশেষ কৰি পেলাইছে বলদমাৰী চৰাঞ্চল। হেজাৰ হেজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। ঠিকনাহীন হৈ পৰিছে চৰাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল। স্থায়ী সমাধানৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ। ক্ৰমান্বয়ে ভাবুকি আহি পৰিছে গোৱালপাৰা চহৰলৈ। কিয়নো চহৰৰ গাতে লাগি আছে বলদমাৰী চৰাঞ্চলৰ। খহনীয়াৰ পৰিস্থিতিৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। খহনীয়া পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰে অখিল গগৈয়ে। ২০২১ চনৰ প্ৰথম বিধানসভাৰ অধিবেশনত চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল সদিয়াৰ পৰা ধুবুৰীলৈ বান মুক্ত অসম গঢ়াৰ। কিন্তু কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাৰাখিলে এইখন চৰকাৰে। বলদমাৰী অঞ্চল ৰক্ষা কৰাৰ বাৱে বহুবাৰ আন্দোলন কৰা হৈছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। জলসম্পদ বিভাগে নদী বান্ধৰ বাৱে জিঅ’-বেগ আনিছিল যদিও খহনীয়া আৰম্ভ হোৱাৰ পূৰ্বেই এইবোৰ ইয়াৰ পৰা উঠাই লৈ যায়।