বোকাজানঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন সুৰক্ষাৰ ক্ষেত্ৰত অনমনীয় স্থিতি গ্ৰহণ কৰি আহিছে যদিও বনজ সম্পদ লুণ্ঠনকাৰীৰ তীক্ষ্ণ হাতৰ আঁচোৰত দিনক দিনে সংকুচিত হৈ আহিছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সেউজ বনাঞ্চল। বনজ সম্পদ লুণ্ঠনৰাজ তথা কৰ ফাঁকিৰ খবৰে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও কেৱল মাত্ৰ ৰাজ্যৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰহস্যজনক ভূমিকাৰ বাবেই সেউজ কাৰ্বি পাহাৰৰ পৰা বহিঃৰাজ্যলৈ অহৰহ কয়লা, বালি, শিল, চোৰাং কাঠৰ অবৈধ সৰবৰাহ হৈ অহা অভিযোগো দীৰ্ঘদিনীয়া।
ৰাজ্যৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ৰহস্যজনক ভূমিকা তথা অসাধু ব্যৱসায়ীৰ লগত একাংশ বিষয়া-কৰ্মচাৰীৰ গোপন মিতিৰালিৰ ফলত চৰকাৰী ৰাজহ ফাঁকিৰে বনজ সম্পদৰ ধ্বংস যজ্ঞত অৰিহণা যোগাই অহাৰ অভিযোগ পুনৰবাৰ প্ৰমাণ কৰিছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত বনবিভাগৰ নীতি নিয়মক জলাঞ্জলি দি বালিৰ ব্যৱসায়ৰ নামত দীৰ্ঘ দিনধৰি চলি অহা একাংশ দালালৰ দপদপনিয়ে ৷ উল্লেখ্য যে বোকাজান মহকুমাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক শতাধিক বালি সৰৱৰাহকাৰী ট্ৰাক বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰলৈও চলাচল কৰে ৷
অত্যাধিক চাহিদা থকা ডিমাপুৰৰ এই বালিৰ বজাৰখন লৈয়ে কাৰ্বি আংলংত গঢ়ি উঠিছে সংশ্লিষ্ট প্ৰশাসনৰ নিয়ন্ত্ৰণহীন একাংশ বালি সৰৱৰাহকাৰী স্বয়ম্ভু ব্যৱসায়ী ৷ বালিৰ এই নিয়ন্ত্ৰণহীন ব্যৱসায়ত মুখ্য ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে বালি মহলৰ মহলদাৰ সকলৰ প্ৰতি ৷ বোকাজান মহকুমাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধীনত আছে কেবাটাও বালিৰ মহল ৷ এই মহল কেইটা হল ক্ৰমে বালিপথাৰ, দেওপানী, চিলনীজান আৰু কয়লামাটি ৷ এই আটাইকেইটা মহলকেই পৰিষদে একো একোজন মহলদাৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰে, কিন্ত অনুজ্ঞাপ্ৰাপ্ত এইসকল মহলদাৰে বিভিন্ন উপায়েৰে মইমতালি দেখুৱাই বালিৰ ব্যৱসায় কৰাৰ অভিযোগ তুলিছে মহলত কৰ্মৰত খোদ শ্ৰমিক সকলেই ৷
এই সম্পৰ্কত শ্ৰমিক সকলে কাৰ্বি আংলংৰ ষ্টুডেণ্ট এণ্ড য়ুথ ফ’ৰ জাষ্টিছ চমুকৈ এছ ৱাই জে নামৰ এক সংগঠনৰ ওচৰত নিজৰ অভিযোগ দাখিল কৰি মহলদাৰৰ শোষণৰ বলি হৈছে বুলি উল্লেখ কৰে ৷ এই সম্পৰ্কত সংগঠনটোৱে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বালি সংগ্ৰহৰ পৰা ট্ৰাকত বালি বোজাই কৰালৈকে সকলো শ্ৰমিক সকলেই কৰিব লাগে ,আনকি বিক্ৰীও কৰিব লাগে শ্ৰমিক সকলেই ৷ নিয়ম মতে মহলদাৰ সকলে টিপি বা চালান দি প্ৰতিখন ট্ৰাকত নিজ মহলৰ পৰা বালি উঠাবলৈ দিব লাগে য’ত শ্ৰমিক সকলক প্ৰাপ্য মজুৰি প্ৰদান কৰিলেই হয় ৷
কিন্তু ইয়াৰ বিপৰীতে শ্ৰমিক সকলে অভিযোগ তোলে যে মহলদাৰ সকলে মাথো ট্ৰাক পঠিয়াই দিয়ে যাৰ কোনো টিপি নাথাকে ৷ বালি সংগ্ৰহ কৰি ট্ৰাকত বোজাই কৰাৰ বিনিময়ত প্ৰতিখন ট্ৰাকৰ পৰা শ্ৰমিক সকলে পায় বাৰ হাজাৰ টকা ৷ কিন্তু ইয়াৰ সিংহভাগেই দাবী কৰে মহলদাৰ সকলে ৷ ভূক্তভোগী শ্ৰমিক সকলে জনোৱা মতে দীৰ্ঘদিনৰ পৰাই তেওঁলোকে মহলদাৰ সকলক তিনিহাজাৰ টকাকৈ দি আহিছিল ৷ কিন্তু কিছু দিনৰ আগতে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যৰ ভ্ৰাতৃ জয়বাবু ইংতিৰ নেতৃত্বত মহলদাৰ সকলক লৈ চেণ্ড এণ্ড ষ্ট’ন মহলদাৰছ ৱেলফেয়াৰ এছোচিয়েশ্যন নামৰ এক সংগঠন গঠন কৰাৰ পাছতেই মহলদাৰ সকলে উক্ত শ্ৰমিক সকলৰ পৰা উচ্চ হাৰত ধন সংগ্ৰহত নামি পৰাত ক্ষুদ্ধ হৈ পৰিছে শ্ৰমিক সকল৷ তেওঁলোকে জনোৱামতে লকডাউনৰ সময়ছোৱাতে প্ৰথমে তিনিহাজাৰ পাঁচশ টকা তাৰ পাছত চাৰিহাজাৰ পাঁচশ টকা আৰু অতি সম্প্ৰতি পাঁচহাজাৰ পাঁচশ টকাকৈ মহলদাৰসকলক শ্ৰমিক সকলে দিব লাগে যিটো তেওঁলোকৰ বাবে সম্ভৱ নহয় ৷
এইক্ষেত্ৰত বনবিভাগৰ কাষ চাপিও কোনো সুফল পোৱা নাই শ্ৰমিক সকলে ৷ উল্লেখ্য যে বহু সময়ত এই বালিৰ মহল সমূহত বালি পৰ্যাপ্ত নোহোৱাত শ্ৰমিক সকলে পাৰ্শ্বৱৰ্তী আন অঞ্চলৰ পৰাও বালি সংগ্ৰহ কৰে যিটো নিয়মবহিভূৰ্ত ৷ মহলদাৰ আৰু বন বিভাগৰ মাজত থকা সুসম্পৰ্কৰ বাবেই এনেদৰে অবাধ হাৰত অবৈধভাবে বালি খনন কৰাৰ অভিযোগ সততে উঠি আহিছে পাহাৰীয়া জিলাখনত ৷ ইপিনে বালিৰ মহলসমূহ আগুৰি আছে দেওপানী আৰু নামবৰ সংৰক্ষিত বনাঞ্চলে ৷ কিন্তু বহু সময়ত এই সংৰক্ষিত বনাঞ্চল সমূহৰ মাজতো অবৈধভাবে বালি খনন কৰি জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰি আহিছে মুনাফালোভী ব্যৱসায়ী চক্ৰই, যত বন বিভাগৰ বোকাজান আৰু চিলনীজানস্থিত কাৰ্যালয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে ৷
ইপিনে আন এক অভিযোগ মতে মাথো এখন টিপিৰ জৰিয়তেই এখন ট্ৰাকে কেবাবাৰো দিনটোত বালি সৰৱৰাহ কৰি আহিছে ৷ ইয়াৰ বিনিময়ত বনবিভাগক ব্যৱসায়ী সকলে প্ৰদান কৰি আহিছে মোটা অংকৰ ধন ৷ আনহাতে ৰাতি বালিৰ ট্ৰাক চলাচলত বিভাগীয় নিষেধাজ্ঞা আছে যদিও একে অসৎ উপায়েৰেই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাতি ৰাতি চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ অতিৰিক্ত বোজাই দি সৰৱৰাহ হয় বালিৰ ট্ৰাক ৷
সীমান্তৰ খটখটীত বনবিভাগৰ লাহৰীজান বীট অফিচৰ তালাচী গেট আছে যদিও কোনো ধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ মুকলিভাবে ধন দি নিৰ্বিঘ্নে পাৰ হৈ যায় ট্ৰাক সমূহ। যাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব পৰিষদে হেৰুৱাই আহিছে বৃহৎ পৰিমাণৰ ৰাজহ ৷ উল্লেখ্য যে প্ৰায়বোৰ সভাই সমিতিয়ে দুৰ্নীতি, সততা, না খাওঁগা-না খানে দোংগা তথা শূণ্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য তথা স্থানীয় বিধায়ক ডাঃ নোমল ম’মিনে বোকাজানত একাংশ মহলদাৰৰ নেতৃত্বত পৰিচালিত এই বনজ সম্পদ ছিণ্ডিকেটৰাজ প্ৰতিৰোধৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে সেইয়া এতিয়া লক্ষনীয় বিষয় হব বুলি স্থানীয় ৰাইজে মতপোষণ কৰিছে ।