ডিজিটেল সংবাদ, নগাঁও : বান বিধ্বস্ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ বানপীড়িতৰ মাজত দেওবাৰে নগাঁও উকীল সন্থাৰ এটি দলে বান সাহায্য প্ৰদান কৰে। নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাছিম খণ্ডকাৰ আৰু সাধাৰণ সম্পাদক অজিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা অধিবক্তাৰ দলটিয়ে পুৱাৰ ভাগত ৰহাৰ তিনিখুটি, টুবুকি বৰডুবি, দক্ষিণ জাগিয়াল গাওঁ পঞ্চায়ত আৰু কামপুৰ এলেকাৰ তেতেলীসৰা, কলাইখোৱা, কেকুৰিবাৰীৰ লগতে নিজ কামপুৰ গাঁও পঞ্চায়তত সাহায্য বিতৰণ কৰে। সামগ্ৰী বিতৰণ কাৰ্যসূচীত সন্থাৰ সভাপতি আবুল হাছিম খণ্ডকাৰ, সম্পাদক অজিত কুমাৰ বৰা, জ্যেষ্ঠ সদস্য মহেশ চন্দ্ৰ দাস, সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিক, পংকজ হাজৰিকা, কংকণ বৰুৱা, অনুপম গোস্বামী, পংকজ কলিতাসহ কৰি কেইবাজনো সদস্য উপস্থিত থাকে ৷