ভাৰত ভ্ৰমণৰত নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ উপস্থিতিত ভাৰতৰে কেইবাখনো চুক্তি স্বাক্ষৰ কৰা হয়৷ ইণ্ডিয়ান অইল কৰ্পোৰেচন আৰু নেপাল অইল কৰ্পোৰেচনে আজি বিশেষ চুক্তি স্বাক্ষৰ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰে৷ ৫ বছৰৰ বাবে পেট্ৰ’লিয়াম সামগ্ৰীৰ যোগান নৱীকৰণৰ বাবে দুখনকৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ দুয়ো দেশৰ মাজত কাৰিকৰী দক্ষতাৰ কৰাৰ বাবে আনখন চুক্তি কৰা হয়৷ ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই আজি সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে৷ আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নেপালত ৰূ-পে শুভাৰম্ভ কৰে৷ ২ খন দেশৰ মাজত বিত্তীয় সম্পৰ্ক বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। দ্বিপাক্ষিক পৰ্যটকৰ প্ৰবাহ সহজ কৰি মানুহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী দেউবাৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী দেউবাই প্ৰধানমন্ত্ৰী মোদীক পাৰস্পৰিক সুবিধাজনক তাৰিখত নেপাল ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়৷ চুবুৰীয়া বন্ধু দেশ নেপালৰ সৈতে বিশেষ চুক্তি স্বাক্ষৰ কৰাৰ ফলত দুয়োদেশৰ মাজত সম্পৰ্ক উন্নত কৰিব বুলি ভবা হৈছে৷