জয়ন্ত মুদৈ, বেবেজীয়াঃ বিপ্লৱৰ গত্যন্তৰ নাই৷ জাতিক জগাবলৈ জংঘলত কৰা বিল্পৱ নতুবা কৃষি বিল্পৱ৷ সমস্যাৰ সমধান বিল্পৱতে নিহিত৷ অন্যথাই অসমীয়া সমাজখন মসৃণভাবে জীয়াই থকাটোয়েই কঠিন হৈ পৰিব৷ বিদ্ৰোহী সংগঠন আলফাৰ একালৰ একাংশ সদস্যই পুনৰ বিপ্লৱ কৰাৰ সিদ্ধান্ত লৈছে৷ নগাঁও জিলাৰ এইসকল প্ৰাক্তন আলফা সদস্যই উপলব্ধি কৰিছে বিপ্লৱৰ অবিহনে একো নাই৷ ভবা মতেই পুনৰ বিপ্লৱ কৰিছে আলফাৰ সদস্যই৷ এই বিপ্লৱ বন্দুক-বাৰুদেৰে কৰা বিপ্লৱ নহয়৷ সৰ্বসাধাৰণ ৰাইজৰ মাজত থাকি আৰম্ভ কৰা বিপ্লৱ হৈছে স্বাৱলম্বিতাৰ বিপ্লৱ৷ নিবনুৱা সমস্যাই কেঁকুৰা চেপা দিয়া গ্ৰাম্য অৰ্থনীতিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নগঞা এইসকল প্ৰাক্তন আলফা সদস্যই জিলাখনৰ পশ্চিম প্ৰান্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত শ্যামকলিয়া সোনাইপাৰ আদৰ্শ গাঁৱৰ সৰু বিল পথাৰত আৰম্ভ কৰিছে এই বিপ্লৱ৷ যি বিপ্লৱৰ জড়িয়তে এইসকল প্ৰাক্তন আলফাই সপোন দেখিছে স্বাৱলম্বী হোৱাৰ৷ এই সপোন পূৰণৰ বাবে প্ৰাক্তন আলফা সদস্যসকলে স্থানীয় একাংশ নিবনুৱাক লৈ ইতিমধ্যে গঠন কৰিছে ‘ফিউচাৰ পইণ্ট’ নামৰ এটা এনজিঅ’৷ এনজিঅ’ৰ জৰিয়তে তেওঁলোকে ঘাইকৈ মীন পালনৰ বাবে এক পৰিকল্পিত প্ৰকল্প হাতত লৈছে৷ চৰকাৰেও এইসকল দুৰদৰ্শী প্ৰাক্তন আলফা সদস্যৰ সপোনৰ প্ৰতি সহাঁৰি জনাই এনজিঅ’ক ২০ বিঘা কৃষি ভূমি মীন পালন আৰু হাঁহ পালনৰ বাবে আৱন্টন দিছে। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সোনাই নৈৰ পাৰৰ ভূমিত স্থানীয় একাংশ লোকে বিগত বহু বছৰৰ পৰা ভোগ দখল কৰি আহিছে। এই কৃষি ভূমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৱণ্টন দিয়াত স্বাভাবিকতেই উৎফুল্লিত হৈ পৰিছে নগঞা প্ৰাক্তন আলফাৰ সদস্য৷ দুগুণ উৎসাহেৰে আশা আৰু সপোনক বাস্তৱায়িত কৰাৰ বাবে আন এক বিপ্লৱত নামি পৰিছে৷ এইসকল কৰ্মোদ্যমী প্ৰাক্তন বিপ্লৱী সদস্যই আৰম্ভ কৰা সাৱলম্বিতাৰ বিপ্লৱ নৱ প্ৰজন্মৰ বাবে উৎকৃষ্ট নিদৰ্শন হ’ব পাৰে৷