বটদ্ৰৱা আৰক্ষী থানাত অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযুক্ত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে৷ বটদ্ৰৱা কাণ্ডৰ অভিযুক্ত জ্যোস্নাৰা বেগম নামৰ মহিলাক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে। জ্যোস্নাৰা বেগম আৰক্ষী থানা আক্ৰমণ কৰা অগ্নিসংযোগ কৰিবলৈ উচটনি দিছিল। আৰক্ষী থানা জ্বলাবলৈ পেট্ৰ’ল আনিছিল জ্যোস্নাৰা বেগমে৷ সমানে আৰক্ষী থানাৰ ভিতৰৰ নথি নষ্ট কৰিবলৈ অগ্নিসংযোগ কৰিছিল৷ ঘটনাৰ পিছতে আত্মগোপন কৰি আছিল বেগম। বৰ্তমান পলাতক খাজিনাৰা খাতুন নামৰ মহিলা। ছফিকুল ইছলামৰ ককায়েকে মজিবুৰ ৰহমানৰ পত্নী জ্যোস্নাৰাৰ ঘৰ বটদ্ৰৱাৰ চালনাবড়ীত। ভাইৰেল ভিডিঅ’ ফুটেজৰ দ্বাৰা গ্ৰেপ্তাৰ৷