আৰক্ষীৰ জিম্মাত এগৰাকী মৎস্য বৱসায়ীৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত লংকা-কাণ্ডৰ নিতৌ ন-ন তথ্য পোহৰলৈ আহিব ধৰিছে৷ একাংশ উত্তেজিত লোকে আৰক্ষী থানাত আক্ৰমণ কৰাই নহয় আৰক্ষী নিবেশত অগ্নিকাণ্ড সংঘটিত কৰাত বহু কেচ-ডায়েৰী, অস্ত্ৰ, বাইক জ্বলি চাৰখাৰ হৈছিল৷ ঘটনাত জেহাদী জড়িত থকাৰ সন্দেহ কৰি ইতিমধ্যে অসম আৰক্ষীয়ে দ্ৰুত তদন্ত আৰম্ভ কৰি কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘটনাস্থল পৰিদৰ্শন কৰে৷
শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’ এটাত দেখা গৈছে যে প্ৰথমে থানাৰ ভিতৰৰ ফাইলসমূহত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছিল৷ তাৰ পিছতে এগৰাকী কয়দী আৰক্ষী থানাৰ ভিতৰৰ পৰা পলায়ন কৰে৷ ভিডিঅ’ অনুসৰি থানাত অগ্নিসংযোগ কৰাৰ পূৰ্বেই দুষ্কৃতিকাৰীয়ে থানাৰ ভিতৰত থকা বিভিন্ন নথি-পত্ৰ তথা ফাইলসমূহত অগ্নিসংযোগ কৰি নষ্ট কৰাৰ প্ৰয়াস কৰে৷ ফাইলসমূহ জ্বলাই দি ৰেকৰ্ড নষ্ট কৰাৰ প্ৰয়াস কৰিছিল দুষ্কৃতিকাৰীয়ে। ভিডিঅ’ পোহৰলৈ অহাত তদন্তত এই কথা নিশ্চিত যে পূৰ্ব পৰিকল্পতিভাৱে দুষ্কৃতিকাৰীয়ে থানাৰ ভিতৰত ৰেকৰ্ড নষ্ট কৰাৰ বাবে অগ্নিসংযোগ কৰিছিল।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে আজি সংবাদমেল সম্বোধন কৰি ঘটনাৰে সৈতে ২০ জন লোকক চিনাক্ত কৰাৰ লগতে ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয়৷ আটাইকেইজনক আদালতত হাজিৰ কৰাত আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷
আৰক্ষীয়ে পোন্ধৰ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ৫ দিনৰ জিম্মাত দিয়ে৷ আক্ৰমনৰ ঘটনাৰ সৈতে বৰদোৱা থানৰ মাটি বেদখলকাৰী জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও কয় আৰক্ষী অধীক্ষকে৷ উপায়ুক্তক বেদখলৰ সন্দৰ্ভত এক জৰীপ কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে৷ বাংলাদেশৰ নিষিদ্ধ সংগঠন আনাৰুল বাংলা গোট চমুকৈ এবিটি ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তদন্ত চলাই থকা বুলি মন্তব্য কৰি অধীক্ষক দলেয়ে কয় যে চিনাক্তকৰণ হোৱা ২০ জন পূৰ্বে আইন বিৰোধী কামৰে জড়িত আছিল৷