জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বটদ্ৰৱাত কালি সংঘটিত হোৱা ঘৃণনীয় ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম অসম গ্ৰামীণ শ্ৰমিক সন্থাই৷ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক বিবৃতিৰ জড়িয়তে বটদ্ৰৱা থানাত আৰক্ষীৰ জিম্মাত ধিঙৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোকজনৰ মৃত্যু হোৱা ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনক তীব্ৰ ভাষাত নিন্দা কৰে। তেওঁ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ গৃহ বিভাগৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত থকাৰ সময়তে আৰক্ষী জিম্মাত মৃত্যু হোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। ই গভীৰ উদ্বেগজনক কথা। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে আৰু দোষী আৰক্ষী বিষয়াক নিলম্বন নহয়, হত্যাৰ গোচৰৰ অধীনত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। তদুপৰি থানাত অগ্নি সংযোগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা লোক সকলৰ বাসগৃহ আৰক্ষীয়ে বুল্ডডজাৰৰে ভাঙি দি যি প্রতিশোধ পৰায়ণৰ পৰিচয় দাঙি ধৰিছে ই এক অন্য ধৰণৰ অপৰাধ সংঘটিত কৰিছে। ইয়াৰো উচিত বিচাৰ হ’ব লাগে। ইয়াৰ লগত জড়িত সকলো আৰক্ষীক তাৎক্ষণিক নিলম্বন কৰি জেল হাজোতলৈ প্রেৰণ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিচাৰ কৰি শাস্ত্ৰী প্রদানৰ দাবী উত্থাপন কৰে শ্ৰমিক নেতাজনে। লগতে যি সকল লোকে থানাত অগ্নি সংযোগ কৰিলে তেওঁলোককো আইনৰ কাঠগড়াত থিয় কৰাব লাগে বুলি উল্লেখ কৰি শ্ৰমিক নেতাজনে এই ঘটনাৰ পিছফালে কোন শক্তি জড়িত হৈ আছে তাৰো অনুসন্ধান কৰি চিনাক্ত কৰাৰ মত পোষণ কৰে৷ ইফালে, মন্ত্ৰী পীয়ুষ হাজৰীকাই এই ঘটনাক এটা বিশেষ সম্প্রদায়ক লক্ষ্য কৰি যি মন্তব্য কৰিছে ইয়াক যাতে সম্প্রদায়িক ৰহন নাসানে বা সাম্প্ৰদায়িকতাৰ ফালে থেলি নিদিয়ে তাৰ বাবেও বিবৃতিটোৰ জৰিয়তে তেওঁ সর্তক কৰি দিয়ে।