জয়ন্ত মুদৈ, বেবেজীয়াঃ মই নকওঁ, বটদ্ৰৱা কাণ্ডত তৃতীয় পক্ষ জড়িত আছে। যদি কওঁ তেনেহলে ঘটনাটো গৈ পাকিস্তান, বাংলাদেশ আৰু আমেৰিকা পাব গৈ। ঘটনাটোৰ সঠিক তদন্ত কৰিলেহে সত্য ওলাই পৰিব। মই সদায় সত্যৰ লগত আছো। বুধবাৰে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত নিহত হোৱা চফিকুলৰ বাসগৃহত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ এইদৰে কয়। কংগ্ৰেছ সঁজাতি দলৰ লগত আহি তেওঁ আৰু কয় যে চৰকাৰৰ দায়িত্ব আছে, এই বিষয়ে আমি চৰকাৰৰ লগত আলোচনা কৰিম। কংগ্ৰেছৰ এই সঁজাতি দলটোত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, ৰূপহীহাট সমষ্টিৰ বিদায়ক নুৰুল হুদাকে প্ৰমুখ্য কৰি নগাঁও জিলা কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে৷ কংগ্ৰেছৰ সঁজাতি দলটোৱে দেৱব্ৰত শইকীয়াই চফিকুলৰ বাসগৃহত উপস্থিত হৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনৰ নিয়ম অনুসৰি ন্যায়িক তদন্তৰ দাবী জনাই নিৰীহ চফিকুল ইছলামক নিজৰ জিম্মালৈ লৈ অহা, দ্বিতীয়তে মৃত্যুৰ পৰৱৰ্তী সময়ত একাংশ উত্তেজিত লোকে আৰক্ষী থানা আৰু সা-সম্পত্তি নষ্ট কৰা আৰু তাৰ পৰৱৰ্তী সময়ত আৰক্ষী-প্ৰশাসনে আইন হাতত তুলি লৈ নিয়ম বহিৰ্ভূতভাৱে মৃত চফিকুল ইছলামৰ আৰু সম্পৰ্কীয় ভায়েক, ককায়েকসকলৰ সাতটাকৈ বাসগৃহ ধ্বংস কৰি সা-সম্পত্তি পানীত পেলাই ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ নষ্ট কৰি প্ৰায় ৫০ জন লোকক গৃহহীন কৰা বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই। এগৰাকী অতিৰিক্ত উপায়ুক্তক সাক্ষাৎ কৰি নিৰ্দোষী পুলিচে হাৰাশাস্তি কৰা দুৰ্ভগীয়া লোকসকলক উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰি দিবলৈ আৰু সমগ্ৰ ঘটনাসমূহৰ তদন্ত কৰি দোষী, অসামৰিক ব্যক্তি সকলোৰে শাস্তিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তৰ যোগেদি চৰকাৰক দাবী জনাই শইকীয়াই।