বেবেজীয়াঃ দেশৰ বিভিন্ন ক্ষেত্ৰৰ যি সকল লোকে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ তাণ্ডৱৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দিনে-নিশাই ৰাইজৰ সেৱা আগবঢ়াই আহিছে তেনে লোকক ইণ্টাৰনেচনেল ফেডাৰেচন অব জাৰ্নেলিষ্ট চমুকৈ আই.এফ.জেৰ পৰামৰ্শক্ৰমে নেশ্যনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়া চমুকৈ এন.ইউ.জে.আইয়ে কৰোনা যোদ্ধা ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সেই মৰ্মে এন ইউ জে আইৰ উদ্যোগত বিগত চাৰি মাহে বিভিন্ন দিশত সুক্ষ্ম পৰ্যবেক্ষণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ ৩৭০ জন লোকক ক’ৰোনা যোদ্ধা হিচাপে নিৰ্বাচিত কৰিছে।
২০০৯ চনৰ পৰা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ পৰা নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা কৰি অহা সাংবাদিক দিব্যজ্যোতি বৰুৱাক এন.ইউ.জে.আয়ে ‘কৰোনা যোদ্ধা’ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। অসমৰ ৩০ জন লোকক কৰোনা যোদ্ধা ৰাষ্ট্ৰীয় সন্মান দিয়াৰ সিদ্ধান্ত লৈছে। ৩০ জন লোকৰ ভিতৰত দিব্যজ্যোতি বৰুৱাও আছে৷ অহা ২৭ আগষ্টত জাৰ্নেলিষ্ট এছচিয়েছন অৱ আছামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিক ভাৱে এই সন্মান প্ৰদান কৰা হ’ব।