জয়ন্ত মুদৈ, বেবেজীয়াঃ বটদ্ৰৱাৰ দৌল উৎসৱৰ চতুৰ্থদিনাও সমাগম হয় অগণন লোকৰ৷ আনকি বিদেশৰ পৰাও পৰ্যটক আহি ভীৰ কৰিলেহি বটদ্ৰৱাত৷ দৌল মহোৎসৱৰ চতুৰ্থ দিনা অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক দ্বীপজ্যোতি-দিপাংকৰৰ তৎপৰতাত বটদ্ৰৱা উপস্থিত হ’ল সুদুৰ আমেৰিকাৰ শ্ৰীদেৱী জগন্নাথ আৰু ডুবাইৰ ৰোহিনী আনন্দ নামৰ দুগৰাকী মহিলা পৰ্যটক৷ বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আতিথ্যত অভিভূত হৈ পৰিল দুয়োগৰাকী পৰ্যটক ৷ আচলতে, এই দুগৰাকী বিদেশী পৰ্যটকে সত্ৰীয়া সংস্কৃতি অধ্যয়ন কৰাৰ সমান্তৰালভাৱে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে দ্বীপজ্যোতি-দীপাংকৰৰ পৰা