জয়ন্ত মুদৈ, বেবেজীয়াঃ শেহতীয়াকৈ ৰাজ্যসভাৰ নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেচা খোৱা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰনি ৰাজনৈতিক দল কংগ্ৰেছৰ উদ্ধাৰৰ বাবে ইতিমধ্যে সদস্য ভৰ্তীকৰণ অভিযান অব্যাহত ৰাখিছে৷ এই সদস্যভৰ্তিৰ লগত সংগতি ৰাখি বটদ্ৰৱা সমষ্টিত মঙলবাৰে দুখন কৰ্মীসভা অনুষ্ঠিত কৰা হয়। সমষ্টিটোৰ ধিং আৰু দলংঘাটত অনুষ্ঠিত হোৱা এই কৰ্মী সভাত কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিবা মনি বৰাই অংশগ্ৰহন কৰি দলীয় কৰ্মীসকলক ন-উদ্দমেৰে দলৰ কাম-কাজত লাগি যাবলৈ আহ্বান জনায়৷ বিয়লি দলংঘাট ব্ল’ক কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত কৰ্মীসভাৰ পিছতে সাংবাদিকৰে হোৱা কথা বতৰাত সাংসদ গৌৰব গগৈয়ে শেহতীয়াভাবে অসমত দশম শ্ৰেণীলৈকে কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাটোক বাধ্যতামূলক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰে৷ তেওঁ চৰকাৰে হিন্দী ভাষা জাপি দিব বিচৰাটো গ্ৰহনযোগ্য নহয় বুলি উল্লেখ কৰি এই সিদ্ধান্তৰ দ্বাৰা অসমৰ থলুৱা ভাষাৰ প্ৰতি সংকট নামি আহিব বুলি কয়৷ এই ক্ষেত্ৰত ৰাইজ নিজে সজাগ হোৱাৰ প্ৰয়োজন বুলি দোহাৰি তেওঁ কয় যে শাসনৰ বাঘজৰী বিজেপিৰ হাতত দিয়াৰ বাবেই নিজ খেয়াল খুচি মতে সকলো কাম কৰি গৈছে দলটোৱে ৷ এতিয়া এনেদৰেই অসমীয়া ভাষা-সংস্কৃতিক বিজেপিয়ে বিলুপ্ত কৰাৰ চেষ্টা চলাইছে ৷ ইফালে, বিতৰ্কিত বিধায়ক শশীকান্ত দাসৰ কাৰ্যকলাপৰ সন্দৰ্ভত কংগ্ৰেছ দলে কি পদক্ষেপ হাতত লৈছে বুলি সাংবাদিকে সুধা প্ৰশ্নৰ সঠিক উত্তৰ দিয়াৰ পৰা সাংসদগৰাকীয়ে বিৰত থাকি কৌশলেৰে বিষয়টোৰ পৰা আঁতৰিহে গৈ দলে পিছত সিদ্ধান্ত ল’ব বুলিহে মন্তব্য কৰে৷ উক্ত কৰ্মীসভাত দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, বটদ্ৰৱা ব্ল’ক কংগ্ৰেছৰ নুৰুল আমিন, জ্যেষ্ঠ কংগ্ৰেছ নেতা বীৰেন লালুং, ইয়ং ব্ৰিগেডৰ বিকাশ বৰা, গৌতম শইকীয়া, যুৱ কংগ্ৰেছৰ নেতা পাৰ্থ সাৰথি বৰাকে ধৰি বিভিন্ন মণ্ডল কমিটিৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷