বেবেজীয়াঃ অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰজামাল হক৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভিতৰুৱা গ্ৰামাঞ্চলবোৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল ধৃত নুৰজামালে৷ আৰক্ষীয়ে নুৰজামালক কৰায়ত্ত কৰিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছিল৷ আৰক্ষীৰ এনে তৎপৰতাৰ মাজতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে আমছু কৰ্মীৰ সহযোগত অৱশেষত ড্ৰাগছ ব্যৱসায়ী নুৰজামালক আটক কৰিবলৈ সক্ষম হয়৷ আচলতে, ধিঙৰ পৰা নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথেৰে বটদ্ৰৱা অভিমুখে এ এছ-০২-এ ই ৩০৯৮ নম্বৰৰ এখন বাইকেৰে ড্ৰাগছ লৈ আহি থকা অৱস্থাতে বটদ্ৰৱাৰ জামতলত আমছু কৰ্মীৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ত কৰে ড্ৰাগছ ব্যৱসায়ীটোক৷ এই অভিযানত ড্ৰাগছ ব্যৱসায়ীটোৱে আমছু কৰ্মীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাত এজন আমছু কৰ্মী আঘাতপ্ৰাপ্ত হয়৷ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা এটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাইকখন জব্দ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰ মূূল্য পয়ত্ৰিশ হাজাৰ টকা হ’ব বুুুলি আৰক্ষীয়ে জানিবলৈ দিছে৷