জয়ন্ত মুদৈ, বেবেজীয়াঃ অসমীয়াৰ মন-প্ৰাণ মতলীয়া কৰি তোলা ব’হাগ বিহুৰ ৰঙীন পৰিবেশৰ মাজতে আজি গোঁসাই বিহুৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ আচলতে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ উন্নয়ন আৰু সৌন্দৰ্য্য বৰ্দ্ধনৰ হেতু কেইবাটাও অভিলাষী প্ৰকল্পৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তাকেই কাৰ্যকৰী কৰাৰ উদ্দেশ্যে অসমীয়া নৱ বৰ্ষৰ দ্বিতীয়টো দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে পদাৰ্পণ কৰে বটদ্ৰৱাত৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নাটঘৰটোৰ আন্তঃগাঠনিৰ নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হ’ল বটদ্ৰৱা থানৰ নাটঘৰ৷ গোঁসাই বিহুৰ দিনাই মুকলি কৰা হয় বটদ্ৰৱা থানৰ এই নামঘৰটিৰ৷ সেই উদ্দেশ্যে পুৱাৰ ভাগত বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আৰু সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত মুুুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে ফিটা কাটি মুকলি কৰে নাটঘৰটি। আনহাতে, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ তৎপৰতাত বটদ্ৰৱা থানৰ পুৰণি কাৰ্যালয় গৃহ, প্ৰশাসনিক ভৱন, দামোদৰ আতা যাত্ৰী নিবাস, সভাঘৰ আৰু আলোচনা কক্ষৰ লগতে সত্ৰাধিকাৰ সকলৰ বহা নতুনকৈ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ চৰকাৰী পূঁজিৰে ২০ কোটি টকাৰ ব্যয় সাপেক্ষ এক অভিলাষী প্ৰকল্পৰো শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছতে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগত ঐতিহাসিক আকাশী গংগাৰ তীৰৰ আই খেৰসুঁতী সাংস্কৃতিক মঞ্চত বাৰ্তালাপত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। শেষত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পোন প্ৰথমবাৰৰ বাবে গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰে জাতীয় জীৱনৰ বৰভেটি গঢ়া ঐতিহাসিক দৌলমন্দিৰ দৰ্শন কৰি ডিফু অভিমুখে যাত্ৰা কৰে৷