March 29, 2023, 10:48 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বজাৰত আৰু কিনিবলৈ পোৱা নাযাব ‘ফেয়াৰ এণ্ড লাভলী’!

Reporter Name
  • Update Time : Friday, June 26, 2020
  • 148 Time View

স্কাই নিউজ ডেস্কঃ ভাৰতৰ বজাৰৰ পৰা অচিৰেই নাইকিয়া হৈ পৰিব সকলোৰে চিনাকি ফেচ ক্ৰীম ‘ফেয়াৰ এণ্ড লাভলী’। দেশৰ প্ৰতিষ্ঠিত এফএমচিজি কোম্পানী ইউনিলিভাৰে বৃহস্পতিবাৰে কৰা ফেচ ক্ৰীমবিধৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰে৷

‘ধুনীয়া হ’বলৈ হ’লে গাৰ ছালৰ ৰং বগা হ’ব লাগিব’ বুলি থকা ধাৰণাক সাৰোগত কৰি ইমানদিনে বজাৰ দখলৰ কৰি অহা ফেচ ক্ৰীম ‘ফেয়াৰ এণ্ড লাভলী’ক লৈ এতিয়া নতুন মাৰ্কেটি পলিচি গ্ৰহণ কৰিব বুলিও ঘোষণাটোত জনাইছে ইউনিলিভাৰে।

কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতিত জনাইছে যে অহা সপ্তাহত ফেচ ক্ৰীম ‘ফেয়াৰ এণ্ড লাভলী’ৰ নাম সলনি কৰাৰ লগতে বিজ্ঞাপনত ইমানদিনে বগা হোৱাটোত গুৰুত্ব প্ৰদান কৰি অহা প্ৰসংগ নাইকিয়া কৰা হ’ব। কোম্পানীটোৰ মতে ছালৰ পৰিচৰ্যা অৰ্থাৎ স্কিন কেয়াৰ কেটেগৰীৰ প্ৰসাধন সামগ্ৰীসমূহৰ ক্ষেত্ৰত থকা পূৰ্বৰ ধাৰণা সম্প্ৰতি সমগ্ৰ বিশ্বতে সলনি হৈ পৰিছে আৰু কোম্পানীটোৱে সময়ৰ সৈতে খোজ মিলাই নিজকে আগুৱাই নিবলৈ যত্নপৰ হৈছে।

‘আমি স্কিন কেয়াৰ ব্ৰেণ্ডৰ গ্ল’বেল পৰ্টফলিঅ’ৰ প্ৰতি সম্পূৰ্ণৰূপে দায়ৱদ্ধ। ই সকলো ৰং আৰু সকলো ধৰণৰ ছালৰে পৰিচৰ্যা কৰাত সহায় কৰিব। আমি এয়া বুজি উঠিছো যে ‘ফেয়াৰ’, ‘হোৱাইট’, ‘লাইট’ আদি শব্দবোৰে সৌন্দৰ্যক একপক্ষীয় কৰি তোলে। আমি এয়া শুদ্ধ বুলি গণ্য নকৰো। সেয়ে এই বিষয়টোক গুৰুত্বসহকাৰে লৈ আমি নতুন সিদ্ধান্ত গ্ৰহণ কৰিছো।’-সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে এইদৰে কয় ইউনিলিভাৰৰ বিউটি এণ্ড পাৰ্ছনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষৰ দায়িত্বত থকা সন্নি জৈনে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে