বজালীঃ বজালীৰ বহু অঞ্চল পুনৰ বানৰ কৱলত পৰি কেইবা হাজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ পহুমৰা নৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত জলমগ্ন হৈ পৰিছে বজালীৰ কেইবাখনো গাঁও। ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বজালীৰ গহিনপাৰাত আৰু কলৰগুৰিত পূব অংশত মথাউৰি ভাঙি নিয়াৰ ফলত কম সময়ৰ ভিতৰতে গাঁওসমূহ জলমগ্ন হৈ পৰে৷
হঠাতে ঘৰত পানী সোমাই যোৱাৰ লগতে বাট-পথ পানীত ডুব যোৱাত বজালীৰ গহিনপাৰা, হকাৰটুপ পুঠিমাৰী, বাল্লিমাৰী, বদনকুছি, চৌখুটি, নিত্যানন্দ বৰবাং আদিকে ধৰি কেইবাখনো গাঁৱত সৃষ্টি হৈছে হাহাকাৰময় পৰিবেশ। আনহাতে বানৰ কৱলত পৰিছে কৰ্দৈগুৰি-বামাখাটা গড়কাপ্তানী পথ। চলিত মাহতে দুটাকৈ বানে গহিনপাৰাকে ধৰি ইয়াৰ সমীপৰ গাঁওসমূহত বিস্তৰ ক্ষতি সাধন কৰিছে।
বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বিশেষকৈ গহিনপাৰাত অবৰ্ণনীয় পৰিবেশ। বানপানীৰ কৱলত পৰা প্ৰতিটো পৰিয়ালৰ ঘৰত পানী সোমোৱাত আতংকিত হৈ পৰিছে পৰিয়ালসমূহ। পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে। ভৰ বাৰিষা খেতিৰ সময়ত শ শ বিঘা কৃষিভূমি পানীয়ে ডুবাই পেলোৱাত কৃষকসকল চিন্তিত হৈ পৰিছে। লক্ষণীয় ভাবে এতিয়ালৈকে প্ৰশাসনৰ লোকে এই এলেকাৰ খবৰ লোৱা নাই৷