বজালীঃ চৰকাৰে কেৱল ঘোষণাই কৰে৷ প্ৰতিশ্ৰুতিক বাস্তৱ কৰিবলৈ সময় নোপোৱাৰ ফলত ৰাইজৰ দুৰ্গতি হয়৷ চৰকাৰে খৰালি ৰাজ্যৰ মথাউৰিসমূহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত কেইটামান মথাউৰি নিৰ্মাণ কৰি দায়িত্ব সামৰে৷ ফলত বাৰিষাৰ বৰষুণত মথাউৰি ছিঙি পানী সোমাই ৰাইজৰ আলাই-আথানি হয়৷ প্ৰতিখন জিলাত একেই পৰিস্থিত৷ ভৰ বাৰিষা বানৰ কৱলত পৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া হয়৷ চৰকাৰে প্ৰতিশ্ৰুতি দি পালন নকৰাৰ ফলতেই মঙলবাৰে ৰাইজে মথাউৰি মেৰামতি কৰিবলগীয়াত পৰিল বজালীত৷
হাতে হাতে কোৰ, কুঠাৰ, পঘা, বস্তা, বাঁহ আদি লৈ ওলাই আহিল ৰাইজ৷ বাঁহ বান্ধি, বস্তাত মাটি ভৰাই মথাউৰি ৰক্ষাৰ কামত নামিল৷ ভৰ বাৰিষা পথাৰত সময় কটাবলগীয়া ৰাইজে এতিয়া মথাউৰি নিৰ্মাণ কৰিবলগীয়া হৈছে৷ ভৰ বাৰিষাৰ মথাউৰি নিৰ্মাণ যুদ্ধত নামিছে বজালীৰ নৈপৰীয়া ৰাইজ৷
অইন বেলিৰ দৰেই এইবেলিও ভৰ বাৰিষা দুৰ্বল হৈ পৰা মথাউৰি মেৰামতি কৰিলে ৰাইজে৷
বজালীৰ কালদিয়া আৰু মহুমৰা নৈৰ পানীক বাধা দিবলৈ বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল মথাউৰি৷ মথাউৰিসমূহ মেৰামতিৰ অভাৱত দুৰ্বল হৈ পৰে৷ ঠায়ে ঠায়ে মথাউৰি পুনৰ নিৰ্মাণ কৰা হৈছে যদিও এতিয়াও বহু কিলোমিটাৰ মথাউৰিৰ জৰাজীৰ্ণ অৱস্থা৷ নৈৰ পানী বাঢ়িলেই ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ খৰালি নিগনি-এন্দুৰ-পোক পৰুৱা তথা প্ৰাকৃতিক কাৰণত হোৱা গাতেৰে হুৰহুৰাই পানী সোমাই আহিলেই মথাউৰি ছিঙি পানী সোমাই সকলো হেৰুওৱাৰ ভয়ত আতংকিত হৈ পৰে ৰাইজ৷ দশক দশক ধৰি অসুৰক্ষিত হৈ পৰা মথাউৰিবোৰ ৰক্ষাৰ বাবে খোদ ৰাইজে হাত ধন ভাঙিব লগা হয়৷ পাঠশালা পৌৰ এলেকা, পুঠিমাৰী, বল্লিমাৰী আদি ঠাইত যোৱা কেইবাটাও দিনত ৰাইজে শ্ৰমদান কৰি মথাউৰি ৰক্ষা কৰে৷
ইতিমধ্যে পহুমৰা নৈৰ পানীয়ে বজালীৰ গহীনপাৰা, পুব কলৰগুৰি আদি ঠাইত মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাই শস্য পথাৰ ঘৰ দুৱাৰ পোহনীয়া জীৱ-জন্তু আদিৰ বিস্তৰ ক্ষতি সাধন কৰিছে৷ পানী কমিলে সৃষ্টি হয় ব্যাপক গৰাখহনীয়াৰ৷ ৰাইজে চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আহিছে যদিও গুৰুত্ব নাই চৰকাৰৰ। সেয়ে গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰিছে ৰাইজে। বাৰিষা মথাউৰি নিৰ্মাণৰ বাবে বৰষুণক নেওচি সকলোৱে একগোট হৈছে৷