বঙাইগাঁওঃ ৰাজ্যত আজিও চলি জীৱ-জন্তুৰ অংগৰ ব্যৱসায়৷ ৰাজ্যত জীৱ-জন্তু হত্যা কৰি আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী হাতত অংগৰ বিক্ৰী কৰি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে দেওবাৰে নিশা বঙাইগাঁৱৰ গৰৈমাৰীত ট্ৰাকসহ জীৱ-জন্তুৰ ছাল, হাড় উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু আৰক্ষীয়ে৷ বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় পথৰ গৰৈমাৰীত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এখন ধাবাত ৰৈ থকা জন্তুৰ অংগ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷
ট্ৰাকখনত উদ্ধাৰ হৈছে জীৱ-জন্তুৰ অংগ৷ ইপিনে আৰক্ষী উপস্থিত হোৱাৰ খবৰ পাই আন দুখন ট্ৰাক উধাও হয়৷ বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় পথৰ গৰৈমাৰীত জব্দকৃত UP-15, AT-5105 নম্বৰৰ ট্ৰাকখনৰ চালকে জনোৱা মতে সামগ্ৰীখিনি কামৰূপ জিলাৰ পৰা বংগ অভিমূখে লৈ গৈ আছিল৷ এনে সামগ্ৰী কঢ়িওৱা আৰু দুখন ট্ৰাক আছিল যদিও অভিযানৰ পূৰ্বে ধাবা ত্যাগ কৰা বুলি কয় চালকগৰাকীয়ে প্ৰকাশ কৰিছে৷
সম্প্ৰতি ট্ৰাকসহ জব্দকৃত সামগ্ৰীখিনি বঙাইগাঁও সদৰ থানাত ৰখা হৈছে আৰু প্ৰকৃততে কি প্ৰাণীৰ ছাল, হাড় সেয়া বন বিভাগৰ বিশেষজ্ঞৰ পৰীক্ষাৰ অন্তত কব পৰা যাব৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে জীৱ জন্তুৰ বিভিন্ন শুকান অংশৰ এক বৃহৎ কলা বজাৰ চলি আছ ৰাজ্যত৷ ৰাষ্ট্ৰীয় ঘাইপথৰে দৈনিক ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ প্ৰেৰণ হয় ট্ৰাকে ট্ৰাকে জীৱ জন্তুৰ শুকান ছাল, হাড় আদি অংশ৷