March 29, 2023, 1:34 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

বঙাইগাঁৱত আজিও ৰাজপথত বানপীড়িত, ক্ষয়-ক্ষতিৰ বুজ ললে কেন্দ্ৰীয় প্ৰতিনিধি দলে

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 91 Time View

বঙাইগাঁওঃ মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়াই বঙাইগাঁও জিলাৰ আই নৈৰ বান-খহনীয়া ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ অসমৰ মন্ত্ৰী-বিধায়কে আই নৈৰ বান-খহনীয়া ৰোধৰ বাবে এতিয়ালৈ সু-ব্যৱস্থা নকৰাৰ সময়তে কেন্দ্ৰীয় আন্তঃ মন্ত্ৰণালয়ৰ এটা দলে আই নৈৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ বিশেষকৈ ক্ষতিগ্ৰস্ত জামদহা, জাৰাগুৰী অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় কেন্দ্ৰীয় দলটোৱে।

অসমৰ আন আন বহু প্ৰান্তৰ লগতে এইবেলি বঙাইগাঁও জিলাৰ বহু প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল। ২৭ জুনত জিলাখনৰ মুঠ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰত বহু এলেকা বানৰ কৱলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছিল। জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লবলৈ বঙাইগাঁৱত উপস্থিত হয় এক বিশেষ আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দল।

কলকাতাস্থিত কৃষি মন্ত্ৰালয়ৰ সঞ্চালক নৰেন্দ্ৰ কুমাৰৰ প্ৰতিনিধিত্বত অহা দলটোত আছিল গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উপ-সচিব হৰিশ কুমাৰ বশিষ্ট আৰু এ.এছ.দি .এম.এৰ ৰাজ্যিক পৰ্যায়ত প্ৰটকল বিষয়া মিৰ্জা মহম্মদ ঈৰ্ষাদ। দলটোৱে বৃহস্পতিবাৰে ৩.৩০ বজাত জিলাখনত উপস্থিত হৈ পোনে পোনে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জৰাগুৰি-১ আৰু জামদহা-২ পৰিদৰ্শন কৰি সেই স্থানসমূহত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়।

এই দুয়োখন গাঁৱৰ বহু এলেকা প্ৰায় ৪০ দিনতকৈও বেছি সময় পানীৰ কৱলত আছিল। বালিয়ে পুতি পেলোৱা কৃষি ভূমি পৰিদৰ্শন কৰি সেই কৃষিভূমিৰ বৰ্তমানৰ গুণাগুণৰ লগত খাপ খোৱা শস্যৰ খেতি কৰিবলৈ দলটোৱে পৰামৰ্শ আগবঢ়ায়। আই নৈ যি অংশত দুভাগ হৈছে সেই অংশ দলটোৱে পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও দলটোৱে অস্থায়ীভাৱে বাহৰ পাতি থকা বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজে লয়। বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ অন্তত নৰেন্দ্ৰ কুমাৰে সকলো ক্ষয়-ক্ষতিৰ এক সঠিক খতিয়ান যুগুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

ইফালে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰাগুৰী, জামদহাকে আদি কৰি এক বৃহৎ অঞ্চলত আই নৈৰ প্ৰলয়ংকাৰী বাবে ভয়াৱহ ভাৱে ক্ষতি কৰাত আজিও পথৰ ওপৰত আশ্ৰয় লৈ আছে শতাধিক বান পীড়িত পৰিয়াল। কিন্তু উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে সময়ে সময়ে চৰকাৰী আমোলা-বিষয়া নেতা, মন্ত্ৰী উপস্থিত হয় যদিও আজিও আই নৈৰ মথাউৰী, ক্ষতিগ্ৰস্ত ৰাস্তা-ঘাট, খেতিপথাৰ, পুনৰ সংস্থাপন আদিৰ ক্ষেত্ৰত কোনো বিহিত পদক্ষেপ নোলোৱা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে বান পীড়িত লোকে। আনফালে বিধানসভা নিৰ্বাচনৰ আগত যদি চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নলয় ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে বান পীড়িত লোকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে