বঙাইগাঁওঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পিছত যোৱা ৫ আগষ্টত ৰাম নগৰী অযোধ্যাত সম্পন্ন কৰা হয় ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচী। দেশৰ কোৰোনা স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি কম সংখ্যক ভক্ত আৰু বিশেষ অতিথিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন কৰে।
হিন্দু ধৰ্মাৱলম্বীৰ বাবে অতি মহত্বপূৰ্ণ ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ প্ৰসাদ দেশৰ প্ৰান্তে প্ৰান্তে ভক্তসকলৰ মাজত বিতৰণৰ ব্যৱস্থা হাতত লৈছে নমো ফাউণ্ডেছন আৰু বিশ্ব হিন্দু পৰিষদে। সেই অনুসৰি মঙলবাৰেও বিশ্ব হিন্দু পৰিষদৰ বঙাইগাঁও জিলা সমিতি আৰু নমো ফাউণ্ডেছনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নিতিশ ৰঞ্জন দাসে বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ প্ৰসাদ বিতৰণ কৰে।
মঙলবাৰৰ পৰা এই প্ৰসাদ বিতৰণ কাৰ্যসূচীৰ আৰম্ভণি কৰি পৰৱৰ্তী সময়ত বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ মাজত এই প্ৰসাদ বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিছে নিতিশ ৰঞ্জন দাসে। আজিৰ এই প্ৰসাদ বিতৰণ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।