মানিকপুৰঃ ৰাজ্যত ইউৰিয়া সাৰৰ তীব্ৰ নাটনী হোৱাৰ লগতে অত্যাধিক দাম বৃদ্ধিৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে বঙাইগাঁও জিলাৰ চৰ এলেকাত সাৰৰ তীব্ৰ নাটনী হোৱাৰ অভিযোগ উত্থাপন কৰিছে মানাহ ভেলী বিকাশ মঞ্চ আৰু নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন কৰ্তৃপক্ষই৷ জিলাখনত কৃষকে কৃত্ৰিম সাৰৰ নাটনীত পৰাৰ লগতে অত্যাধিক মূল্যত সাৰ কিনিবলগীয়া হোৱা বুলি দাবী কৰিছে৷
ফলত দুয়োটা সংস্থাৰ উদ্যোগত কৃষক মাহজোৰা সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ সাৰৰ নাটনীৰ ফলত ক্ষোভিত কৃষকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও জিলাৰ গোলাপাৰাত মানাহ ভেলী বিকাশ মঞ্চ আৰু নেচনেল ফ্ৰণ্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি চৰ অঞ্চলত ৰাসায়নিক সাৰ অত্যাধিক দামত বিক্ৰী বন্ধ কৰা, সাৰৰ চিণ্ডিকেট বন্ধ কৰাৰ দাবী জনায়। আনহাতে প্ৰতিবাদকাৰীসকলে জিলাখনৰ কীৰ্ত্তনপাৰাত আধাৰ কাৰ্ড বনোৱাৰ নামত ২০০-৩০০ টকা সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰা, আই-মানাহ নৈৰ পাৰঘাটত অত্যাধিক হাৰত টকা লোৱা বন্ধ কৰা, গাঁও পঞ্চায়তত উন্নয়নৰ নামত দুৰ্নীতি বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদী সাব্যস্ত কৰে৷