ডিব্ৰুগড়ঃ বগীবিল দলঙৰ দক্ষিণপাৰ সংযোগী ধমল গাঁৱত টোলগেটৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে সোমবাৰে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বগীবিল দলং সংযোগী পথত টোলগেট নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সংগঠন দুটাই।
আছু-এজেৱাইচিপিৰ ডিব্ৰুগড় জিলা সমিতিৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়াই বগীবিল দলং সংযোগী ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তথা বিশাল মানৱ শৃংখল গঢ়ি পৰিস্থিতি উত্তপ্ত কৰি তোলে। টোলগেট নিৰ্মাণৰ ফলত যাত্ৰী সকল হাৰাশাস্তি হোৱাৰ লগতে ব্যৱসায়িক দিশটো বিৰূপ প্ৰভাৱ পৰিব বুলি ক্ষোভ প্ৰকাশ কৰে আছু কৰ্মী সকলে।
টোলগেট নিৰ্মাণেৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰ সংগ্ৰহৰ নামত ৰাইজক মাধমাৰ দিব বিচাৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে আছু-এজেৱাইচিপিৰ নেতৃত্বই। উল্লেখযোগ্য যে অসম চুক্তি আধাৰত নিৰ্মাণ কৰা ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলংখন ২০১৮ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাতায়তৰ বাবে মুকলি কৰিছিল।