কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং টুপামাৰীত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ২৪ ফেব্ৰুৱাৰীত ২নং টুপামাৰী গাঁৱৰ জমিৰ আলীৰ কন্যা তথা ৰংগেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পিনজিৰা পাৰবিনক একে গাঁৱৰে ছহিদ আলীৰ বিবাহিত পুত্ৰ আব্দুল হায়ে পলুৱাই নিয়ে বিয়া কৰায়৷ পৰিয়ালৰ লোকে লাজ অপমান একাকাৰ কৰি বিবাহ সম্পন্ন কৰি স্বামী গৃহলৈ কন্যাক প্ৰেৰণ কৰাৰ দুদিন পিছতে পিনজিৰা পাৰবিনে চিপ লোৱা বুলি পিতৃ গৃহক খবৰ দিয়ে৷ কিন্তু পৰিয়ালৰ লোকে উপস্থিত হোৱাৰ পূৰ্বে আব্দুল হাইৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক চিপ লোৱা অৱস্থাৰ পৰা নমাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰে। ইপিনে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিছতে যুৱতীগৰাকীৰ মৃতদেহ এৰি আব্দুল হাই আৰু পৰিয়ালে পলায়ন কৰে। মৃতদেহ ঘৰলৈ অনাৰ লগে লগে অঞ্চল জুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিভিন্ন শাৰিৰীক অত্যাচাৰ কৰি পিনজিৰা পাৰবিনক চিপ লৈ পৰিকল্পিত ভাৱে আত্মহত্যাৰ ৰূপ দি মৃতদেহ ওলোমাই থৈছিল। পিতৃ জমিৰ আলীয়ে পিনজিৰা পাৰবিনৰ হত্যাকাণ্ডৰ সৈতে জড়িত আব্দুল হাই, ছামাদ তালুকদাৰ, জয়নব নেচা আৰু ছহিদ আলীৰ বিৰুদ্ধে টুপামাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে ২৮/২০২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩০২/৩৪ ধাৰাত গোচৰ ৰুজু কৰে আৰু হত্যাকাৰী আব্দুল হাইক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
পিনজিৰা পাৰবিনৰ হত্যাৰ মূল কাৰণ আৰু কোনে-কেনেকৈ হত্যা কৰিলে ইয়াৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে টুপামাৰী আৰক্ষীক কেইবাবাৰো নিৰ্দেশ জাৰি কৰাৰ পিছতো আৰক্ষীয়ে কোনো পুণৰীক্ষন প্ৰতিবেদন দাখিল কৰা নাই। বৰঞ্চ টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাই অইন অপৰাধীসকলক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। হত্যাকাৰীসকল প্ৰভাৱশালী ব্যক্তি হোৱাৰ সুবাদতে আৰক্ষীয়ে এক গোপন মিতিৰালিহে কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী পৰিয়ালে পিনজিৰা পাৰবিনৰ হত্যাৰ প্ৰকৃত কাৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষককো অভিযোগ দাখিল কৰিছে।